July 14, 2025 11:03 AM

views 20

জিষ্ট নাগৰিক মঞ্চ, যোৰহাটৰ উদ্যোগত নাগৰিক সভা অনুষ্ঠিত

● জিষ্ট নাগৰিক মঞ্চ, যোৰহাটৰ উদ্যোগত কালি যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ ভৱিষ্যৎ মন্থন আৰু স্বতন্তৰীয়া বিকাশৰ ৰূপৰেখা নিৰ্ণয় সন্দৰ্ভত এখন নাগৰিক সভা অনুষ্ঠিত হয়। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিৰ সভাপতি অসীমজ্যোতি শ‍ইকীয়াৰ লগতে ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।

February 14, 2025 12:57 PM

views 24

যোৰহাটত এক্স বেণ্ড ৱেডাৰ ৰাডাৰ কেন্দ্ৰৰ আধাৰশিলা স্থাপন

তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত কেন্দ্ৰীয় চৰকাৰৰ ধৰিত্ৰী বিজ্ঞান মন্ত্ৰালয়ৰ অধীনৰ বতৰ বিজ্ঞান বিভাগৰ এক্স বেণ্ড ৱেডাৰ ৰাডাৰ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ মিছন মৌচমৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা এই অত্যাধুনিক কৃষি বতৰ বিজ্ঞান ৰাডাৰ কেন্দ্ৰটো অহা এপ্ৰিলৰ ভিতৰত কাৰ্যক্ষম কৰি তোলাৰ প্ৰয়াস কৰা হ'ব। অহা ছমাহৰ ভিতৰত গোসাইগাঁও, তেজপুৰ আৰু শিলচৰতো এনে ধৰণৰ তিনিটা ৰাডাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি বতৰ বিজ...