January 16, 2025 8:05 PM

views 29

জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়াকৈ জোনবিল মেলা; মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জোনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত তিৱা ৰাজ্যৰ বুৰঞ্জী শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পাৰিষদসকল, গোভা দেওৰজা আৰু জিলাখনৰ আয়ুক্তসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ আগতে আজি...