June 14, 2026 8:19 PM

views 29

ইৰানে আমেৰিকা আৰু ইজৰাইলৰ সৈতে প্ৰস্তাৱিত বুজাবুজি চুক্তি সন্দর্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি প্ৰকাশ কৰিছে

ইৰানে আমেৰিকা আৰু ইজৰাইলৰ সৈতে উত্তেজনা দূৰ কৰাৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজি চুক্তি সন্দর্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি প্ৰকাশ কৰিছে। ইৰাণৰ সংবাদ মাধ্যমে জনোৱা মতে, প্ৰস্তাৱিত চুক্তিখনৰ ওপৰত ৰাজনৈতিক, আইনী আৰু কাৰিকৰী পর্যালোচনা এতিয়াও চলি আছে। ইফালে কাটাৰৰ এটা প্রতিনিধি দল ইৰাণৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ইৰাণ আৰু আমেৰিকাৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ বাবে তেহৰাণত উপস্থিত হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইতিমধ্যে অতি সোনকালে শান্তি চুক্তিত উপনীত হ'ব পৰা যাব বু...

April 27, 2025 11:07 AM

views 41

ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ পাৰমাণৱিক আলোচনাৰ তৃতীয় ৰাউণ্ড মাস্কতত সম্পন্ন

ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ পাৰমাণৱিক আলোচনাৰ তৃতীয় ৰাউণ্ড কালি মাস্কতত সম্পন্ন হয়। আলোচনাত দুয়ো পক্ষই অহা সপ্তাহত আলোচনা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ চলি থকা দশক দশক পুৰণি অচলাবস্থা দূৰ কৰাই এই আলোচনাৰ মূল উদ্দেশ্যে। আলোচনাৰ অন্তত ইৰাণৰ বিদেশ মন্ত্ৰী আববাছ অৰাঘচিয়ে কয়, যে এই ৰাউণ্ডৰ আলোচনা পূৰ্বৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ আছিল আৰু দুয়ো পক্ষই ক্ৰমাৎ পাৰমাণৱিক বিষয়ৰ কাৰিকৰী দিশে অগ্ৰসৰ হৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে ই...