April 5, 2025 9:08 PM

views 47

কিংবদন্তি চলচ্চিত্র অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ শেষকৃত্য মুম্বাইৰ পৱন হংছ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন

কিংবদন্তি চলচ্চিত্র অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ শেষকৃত্য আজি মুম্বাইৰ পৱন হংছ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হয়। কালি মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ দেহাৱসান ঘটে। অমিতাভ বচ্চন, অভিষেক বচ্চন, প্রেম চোপ্ৰা, চলিম খান, আৰবাজ খান, অনু মালিক, বিন্দু দাৰাসিং, ৰাজপাল যাদৱ আৰু ৰাজ মুৰাজকে ধৰি চলচ্চিত্ৰ জগতৰ ভালেসংখ্যক অভিনেতা আৰু বিশিষ্ট ব্যক্তিয়ে অন্তেষ্টিক্রিয়া অনুষ্ঠানত উপস্থিত থাকে।

April 4, 2025 5:55 PM

views 57

প্রবীণ অভিনেতা আৰু পৰিচালক মনোজ কুমাৰৰ দেহাৱসান

প্রবীণ অভিনেতা আৰু পৰিচালক মনোজ কুমাৰৰ আজি পুৱা মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বিশিষ্ট ব্যক্তিসকলে প্রসিদ্ধ অভিনেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বলিউদৰ কিংবদন্তি অভিনেতাগৰাকী তেওঁৰ দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ বাবে ভাৰত কুমাৰ নামেৰে জনাজাত আছিল। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী সন্মান আৰু দাদাচাহেব ফাল্কে বঁটাৰে...

December 24, 2024 9:04 AM

views 57

চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ দেহাৱসান

যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ কালি সন্ধিয়া মুম্বাইৰ এখন হস্পিতালত দেহাৱসান ঘটে। দীর্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভূগি থকা চলচ্চিত্র নির্মাতাগৰাকীয়ে যোৱা ১৪ ডিচেম্বৰত ৯০ বছৰ সম্পূৰ্ণ কৰিছিল। সপ্তম আৰু অষ্টম দশকত নিউ ৱেভ চিনেমাৰে হিন্দী ছবি জগতত নতুন ধাৰাৰ সৃষ্টি কৰা শ্যাম বেনেগালৰ উল্লেখযোগ্য ছবিৰ ভিতৰত অন্যতম হৈছে অংকুৰ, মান্দি, মন্থন, চৰ্দাৰী বেগম, জুবেইদা ইত্যাদি। শেহতীয়াকৈ তেওঁ ভাৰত আৰু বাংলাদেশৰ যৌথ উদ্যোগত মুজিদঃ দ্যা মেকিং অৱ এ নেচন নামৰ হিন্দী আৰু বাংলা দ্বিভাষিক ছবি নির্মাণ কৰিছি...

December 6, 2024 10:45 AM

views 56

আজিৰে পৰা পুডুচেৰীত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু ছুটী ছবি মহোৎসৱ আৰম্ভ

কেন্দ্রীয় শাসিত প্রদেশ পুডুচেৰীত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু ছুটী ছবি মহোৎসৱ আজি আৰম্ভ হ'ব। তিনিদিনীয়া এই মহোৎসৱত দেশ-বিদেশৰ মুঠ ৩৫ খন নিৰ্বাচিত তথ্য চিত্ৰ আৰু ছুটী ছবি প্ৰদৰ্শন কৰা হ'ব। ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগমৰ সহযোগিতাত পুডুচেৰী বিশ্ববিদ্যালয়ত ইলেকট্রনিকছ আৰু জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত তামিলনাড়ু, প্রগতিশীল লেখক সমাজ আৰু পুডুচেৰী চলচ্চিত্ৰ সংঘইও সহযোগিতা আগবঢ়াইছে।

November 20, 2024 8:43 PM

views 49

অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আজি গোৱাৰ পানাজীত আৰম্ভ হৈছে। অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ ছবি প্ৰদৰ্শন আৰম্ভ হয়। আজি বিয়লি ৫ বজাত পানাৰ্জীৰ শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত জাকজমকতাপূর্ণ অনুষ্ঠানৰ মাজেৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়, ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগম-এন এফ ডি চি আৰু গোৱা চৰকাৰৰ অধীনস্থ গোৱা বিনোদন চছাইটিৰ উদ্যোগত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱৰ মূল শাখাত এইবাৰ মুঠ ২৭০খন ছবি প...

November 20, 2024 5:32 PM

views 53

গোৱাৰ পানাজীত আৰম্ভ ৫৫ সংখ্যক ‘ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ’

৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আজি গোৱাৰ পানাজীত আৰম্ভ হৈছে। অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ ছবি প্ৰদৰ্শন আৰম্ভ হয়। আজি বিয়লি ৫ বজাত পানাৰ্জীৰ শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত জাকজমকতাপূৰ্ণ অনুষ্ঠানৰ মাজেৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়, ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগম-এন এফ ডি চি আৰু গোৱা চৰকাৰৰ অধীনস্থ গোৱা বিনোদন চছাইটিৰ উদ্যোগত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱৰ মূল শাখাত এইবাৰ মুঠ ২৭০ খন ছবি ...

October 10, 2024 5:28 PM

views 63

ভাৰতীয় চলচ্চিত্ৰই বিশাল ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ জৰিয়তে দেশৰ প্ৰতিটো কোণৰ জনসাধাৰণক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় চলচ্চিত্ৰই ইয়াৰ বিশাল ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ জৰিয়তে দেশৰ প্ৰতিটো কোণৰ জনসাধাৰণক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি সজোৰে প্ৰকাশ কৰিছে । শ্ৰী বৈষ্ণৱে এটা লেখাৰ জৰিয়তে কৈছে যে বিচিত্ৰতা আৰু সমন্বয়ৰ কাহিনীৰে চিনেমাই এক ভাৰত শ্ৰেষ্ঠ ভাৰত দৃষ্টিকোণক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে কাম কৰি আহিছে। চিনেমাই এটা সার্বজনীন ভাষা কয় বুলি কৰা সত্যজিৎ ৰায়ৰ মন্তব্যৰ বিষয়ে উল্লেখ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্...