June 19, 2025 8:32 PM

views 63

বিগত ৫ বছৰত ভাৰত গোলকীয় পৰ্য্যায়ত শক্তি উৎপাদনৰ সামৰ্থ্যৰ দিশৰ পৰা চীন আৰু আমেৰিকাৰ পাছত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত

বিগত ৫ বছৰত ভাৰত গোলকীয় পৰ্য্যায়ত শক্তি উৎপাদনৰ সামৰ্থ্যৰ দিশৰ পৰা চীন আৰু আমেৰিকাৰ পাছত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। আন্ত-ৰাষ্ট্ৰীয় শক্তি সংস্থা আই ই এৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ব্যৱসায়িক আৰু আৱাসিক স্থানৰ সম্প্ৰসাৰণ, শীত-তাপ নিয়ন্ত্ৰণ আৰু অন্য ঘৰুৱা বৈদ্যুতিক আহিলাৰ বৰ্ধিত ব্যৱহাৰ তথা উদ্যোগৰ বৰ্ধিত চাহিদাই এই বিকাশত অৰিহণা যোগাইছে। দেশত নৱীকৰণযোগ্য শক্তিৰ বৰ্ধিত আকর্ষণকেই শক্তি উৎপাদনৰ সামর্থ্য বৃদ্ধিৰ মূল কাৰক বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে। প্ৰতিবেদনখনত নিকা শক্তি বিশ...

June 19, 2025 3:21 PM

views 98

ভাৰত আৰু ক্ৰৱেছিয়াই গোলকীয় শান্তি, গণতান্ত্রিক প্ৰমূল্য আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে যুটীয়াভাৱে সন্মতি প্ৰকাশ

ভাৰত আৰু ক্ৰৱেছিয়াই গোলকীয় শান্তি, গণতান্ত্রিক প্ৰমূল্য আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে যুটীয়াভাৱে সন্মতি প্ৰকাশ কৰিছে। দুয়ো দেশে কৃষি, সাংস্কৃতিক বিনিময়, বিজ্ঞান আৰু প্ৰযুক্তি তথা ক্ৰ'ৱেছিয়াৰ ৰাজধানী জাগ্রেবত ভাৰতীয় সাংস্কৃতিক সম্পর্ক পৰিষদ, আই চি চি আৰৰ এখন আসন প্ৰতিষ্ঠাৰ বাবে ৪খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়ো দেশে সামৰিক বিনিময়, যুটীয়া প্ৰশিক্ষণ আৰু ঔদ্যোগিক অংশীদাৰিত্ব বৃদ্ধিৰ বাবে দীৰ্ঘম্যাদী প্ৰতিৰক্ষা সহযোগিতা পৰিকল্পনা যুগুত কৰাৰ বাবেও সিদ্ধান্ত লৈছে। প্রধান...

June 7, 2025 10:18 AM

views 83

ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ মাজত অধিক বিত্তীয় সংযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ

ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহে বিশেষকৈ ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ মাজত অধিক বিত্তীয় সংযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ চতুৰ্থ সংখ্যক ভাৰত-মধ্য এছিয়া সন্মিলনৰ যৌথ বিবৃতিত ৰাষ্ট্ৰসমূহে বাণিজ্য, বিনিয়োগ, পৰ্যটনৰ দৰে ক্ষেত্ৰসমূহক উৎসাহিত কৰিবলৈ বেংকৰ লেনদেন আৰু ৰাষ্ট্ৰীয় মুদ্ৰাত বাণিজ্য বৃদ্ধিৰ আহ্বান জনায়। দেশকেইখনে বিত্তীয় আৰু বেংকিং সংযোগিতাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু মধ্য এছিয়াৰ অংশীদাৰসকলৰ মাজত বেংকিং আৰু বিত্তীয় সংযোগ আৰু অধিক গভীৰ কৰাৰ...

May 16, 2025 11:41 AM

views 49

ভাৰত আৰু ইউৰোপীয় সংঘৰ সাগৰীয় প্লাষ্টিক আৱৰ্জনা নিষ্কাশন, আৱৰ্জনাক হাইড্ৰজেনলৈ ৰূপান্তৰকৰণৰ পদক্ষেপ গ্রহণ

ভাৰত আৰু ইউৰোপীয় সংঘই সাগৰীয় প্লাষ্টিক আৱৰ্জনা নিষ্কাশন তথা ৱেষ্ট-টু-হাইড্ৰ'জেন অর্থাৎ আৱৰ্জনাক হাইড্ৰজেনলৈ ৰূপান্তৰকৰণ প্ৰযুক্তি বিকাশৰ লক্ষ্যৰে ৩৯১ কোটি টকাৰ যৌথ বিনিয়োগেৰে দুটা বৃহৎ গৱেষণা আৰু উদ্ভাৱন পদক্ষেপ গ্রহণ কৰিছে। বিশ্বব্যাপী প্রচেষ্টা চলাই থকা সত্ত্বেও সাগৰীয় প্ৰদূষণে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িওৱাৰ উপৰি পৰিৱেশতন্ত্ৰ বিঘ্নিত কৰি মানুহৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাই আহিছে। ইয়াৰ প্ৰতিকাৰস্বৰূপে, ভাৰত আৰু ইউৰোপীয় সংঘই সাগৰীয় প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ এটি সহযোগিতামূলক কাৰ্যস...

May 6, 2025 8:21 PM

views 103

২০২৫ চনত ভাৰত বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ

ভাৰতে ২০২৫ চনত ৪ লাখ ১৮ হাজাৰ ৭০০ কোটি ডলাৰৰ মুঠ ঘৰুৱা উৎপাদনৰ সৈতে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। দেশে ২০২৫ চনৰ ভিতৰত জাপানৰ ৪ লাখ ১৮ হাজাৰ ৬০০ কোটি ডলাৰৰ মুঠ ঘৰুৱা উৎপাদন চেৰ পেলোৱাৰ সম্ভাৱনা আছে। আন্তৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ বিশ্ব আর্থিক দৃষ্টিভংগী সম্পৰ্কীয় শেহতীয়া প্রতিবেদন অনুসৰি ভাৰতৰ বিশ্বৰ দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা মৰ্যাদা অক্ষুন্ন আছে আৰু দেশখন পৰৱৰ্তী দুটা বছৰত ৬ শতাংশৰো অধিক বিকাশ লাভ কৰাৰ সম্ভাৱনা থকা একমাত্ৰ দেশ। ইয়াৰ বিপৰীতে...

April 24, 2025 10:26 AM

views 67

নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অ’লিক কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খাট্টাৰৰ সাক্ষাৎ

শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খাট্টাৰে কালি নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অ'লিক সৌজন্যমূলক সাক্ষাৎ কৰে। নেপালৰ সিংহ দৰবাৰৰ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ মাজত মৈত্রীপূৰ্ণ আৰু সাংস্কৃতিক সম্বন্ধৰ বিভিন্ন দিশ, শক্তি খণ্ডৰ উন্নয়ন আৰু সহযোগিতাকে ধৰি বিভিন্ন বিষয় সম্পর্কে আলোচনা কৰা হয়।

April 9, 2025 3:06 PM

views 56

আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী

● আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী হৈছে। হোৱাইট হাউছ কৰ্তৃপক্ষই এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ২৬ শতাংশ শুল্ক আজিৰ পৰা কাৰ্যকৰী হৈছে। ট্ৰাম্পে তেওঁৰ লিবাৰেচন ডে অনুষ্ঠানত কৰা ঘোষণাৰ অংশ হিচাপে চলিত মাহৰ ৩ তাৰিখৰ পৰা প্ৰতিশুল্ক ঘোষণা কৰে। ভাৰতৰ উপৰি ভিয়েটনামৰ সামগ্ৰীৰ ক্ষেত্ৰত ৪৬ শতাংশ, টাইৱানৰ সামগ্ৰীৰ ওপৰত ৩২ শতাংশ, দক্ষিণ কোৰিয়াৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ, জাপানৰ সামগ্ৰ...

March 4, 2025 10:40 AM

views 61

দেশৰ ৮ ৰাজ্যৰ ২৮ খন নদীত চলোৱা জৰীপত মুঠ ৬,৩২৭ টা শিহুৰ অৱস্থিতি

■ দেশৰ ৮খন ৰাজ্যৰ মাজেৰে যোৱা ২৮ খন নদীত চলোৱা এটা জৰীপ অনুসৰি মুঠ ৬,৩২৭ টা শিহুৰ অৱস্থিতিৰ তথ্য পোৱা গৈছে। ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰকে ধৰি নদীসমূহত ৬৩৫ টা শিহুৰ অৱস্থিতিৰে অসমে দেশৰ ভিতৰত চতুর্থ স্থান লাভ কৰিছে। ২০২০ চনত এই জৰীপ আৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ গীৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় বন্যপ্রাণী বোৰ্ডৰ সপ্তম বৈঠকত অংশ লোৱাৰ সময়ত এই জৰিপ সম্পৰ্কীয় প্রতিবেদন মুকলি কৰে। দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই জৰীপ ৮ হাজাৰ ৫০০ কিলোমিটাৰ নদীপথ সামৰি ৩,১৫০ টা কৰ...

January 27, 2025 8:25 PM

views 90

লাওচত চাইবাৰ স্কেম কেন্দ্ৰৰ পৰা ৭৬ গৰাকী ভাৰতীয় যুৱক-যুৱতীক উদ্ধাৰ ভাৰতীয় দূতাবাসৰ

লাওচত থকা ভাৰতীয় দূতাবাসে গোল্ডেন ট্রাইংগল স্পেচিয়েল ইকনমিক জানত থকা কেইবাটাও চাইবাৰ স্কেম কেন্দ্ৰৰ পৰা ৭৬ গৰাকী ভাৰতীয় যুৱক-যুৱতীক উদ্ধাৰ কৰিছে। দূতাবাসে এটা বিবৃতিযোগে এই যুৱক-যুৱতীসকলক আপৰাধিক চিণ্ডিকেটসমূহে ভয়-ভাবুকি আৰু প্রলোভনেৰে বিভিন্ন চাইবাৰ অপৰাধৰ সৈতে সংযুক্ত কৰিছিল বুলি প্ৰকাশ কৰিছে। তেওঁলোকৰ মাজৰে কিছুসংখ্যক যুৱক-যুৱতীয়ে সহায় বিচাৰি কৰা অনুৰোধত তাৎক্ষণিকভাৱে সঁহাৰি জনাই দূতাবাসৰ বিষয়াসকলে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে যত্নপৰ হয়। দূতাবাসৰ এটা দলে গোল্ডেন ট্রাইংগল স্...

January 24, 2025 7:41 PM

views 64

কাইলৈ পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস

সমগ্ৰ দেশতে কাইলৈ পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হ'ব। দেশত মুঠ ভোটদাতাৰ সংখ্যা প্রায় ১০০ কোটি হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস বিশেষভাৱে পালন কৰা হ'ব । এই বছৰৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূলমন্ত্ৰ হৈছে ভোটদানৰ দৰে একোৱেই নহয়, মই নিশ্চিতভাৱে ভোটদান কৰিম। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত আইন আৰু ন্যায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল সন্মানীয় অতিথি ...