June 13, 2024 7:57 PM

views 73

পৰৱৰ্তী ৪-৫ দিনলৈ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৪-৫ দিনলৈ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাসাৰ বৰষুণ দিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ডত গ্ৰীষ্ম প্রবাহৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বুলি সকিয়াই দিছে। বিভাগটোৱে কৈছে যে, উত্তৰ প্ৰদেশত পৰৱৰ্তী ৩-৪ দিনৰ বাবে, ঝাৰখণ্ডত তিনি দিনৰ বাবে আৰু বিহাৰত পৰৱৰ্তী দুদিন পর্যন্ত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব পাৰে।

June 1, 2024 2:46 PM

views 87

কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত

কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত আছে। ৰাজ্যখনৰ মালাপ্পুৰম, কোঝিকোৰ, ৱায়ানাড আৰ্ণাকুলম আৰু ইডুক্কি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যখনত কাইলৈ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে৷ কাইলৈ পৰ্যন্ত দক্ষিণ কেৰালা আৰু লাক্ষাদ্বীপ অঞ্চলত মাছমৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

June 1, 2024 1:03 PM

views 67

উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্রীষ্ম প্রবাহৰ ফলত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ ৭ গৰাকী জোৱানকে ধৰি মুঠ ১৩ গৰাকী লোকৰ মৃত্যু

উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্রীষ্ম প্রবাহৰ ফলত কালি নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ ৭ গৰাকী জোৱানকে ধৰি মুঠ ১৩ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকল মীর্জাপুৰ, গোণ্ডা, প্ৰয়াগৰাজ, বস্তি আৰু কুশাম্বীৰ। আমাৰ সংবাদদাতাই জনোৱা মতে নির্বাচনী দলসমূহ পলিটেকনিক চৌহদৰ পৰা ওলাই যোৱাৰ সময়তে কেইবাজনো লোক অসুস্থ হৈ পৰে আৰু তেওঁলোকক মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে কেইগৰাকীমানৰ চিকিৎসালয়লৈ যোৱাৰ পথতে মৃত্যু হয়। উল্লেখযোগ্য যে, মীর্জাপুৰত আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে।

May 31, 2024 6:46 PM

views 60

আজিৰ পৰা মধ্য ভাৰত আৰু দেশৰ উত্তৰ-পশ্চিম অংশত প্ৰৱল গ্ৰীষ্ম প্ৰৱাহ হ্ৰাস পাব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে মধ্য ভাৰত আৰু দেশৰ উত্তৰ-পশ্চিম অংশত প্ৰৱল গ্ৰীষ্ম প্ৰৱাহ আজিৰ পৰা লাহে লাহে হ্ৰাস পাব। হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পঞ্জাৱৰ কিছু অংশত গ্ৰীষ্ম প্ৰৱাহ হ্ৰাস পাবলৈ আৰম্ভ কৰিব বুলি বিভাগটোৱে সদৰি কৰিছে। অহা চাৰিদিনৰ ভিতৰত এই অঞ্চলসমূহৰ তাপমাত্ৰা সৰ্বাধিক ২ৰ পৰা ৪ ডিগ্ৰী ছেলছিয়াছ হ্ৰাস পাব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। অৱশ্যে মধ্য প্ৰদেশ বিদর্ভ আৰু উত্তৰাখণ্ডত আজি গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব। ইতিমধ্যে বতৰ ...

May 28, 2024 5:47 PM

views 81

ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণৰ বাবে কেইবাখনো জিলাত সতর্কতা জাৰি

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূর্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত কালিৰেপৰা জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমি স্খলনৰ ফলত মৃত্যু হৈছে। ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰা...

May 28, 2024 5:23 PM

views 67

ঘূৰ্ণী বতাহ ৰেমলৰ সৈতে মোকাবিলাৰ বাবে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহলৈ সহযোগিতা

ভয়াৱহ ঘূৰ্ণী বতাহ ৰেমলৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহলৈ সহযোগিতা আগবঢ়াইছে। বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপ ২২ মে'ত ঘূৰ্ণী বতাহলৈ ৰূপান্তৰিত হৈছিল আৰু তাৰ পাছতেই পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলত প্ৰৱেশ কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে উপকূলৰক্ষী বাহিনীৰ উত্তৰ-পূব সংমণ্ডলৰ মুখ্য কাৰ্যালয়ে পূৰ্বে নিৰ্ধাৰণ কৰা অনুসৰি বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাৰ সৈতে সমন্বয় নিশ্চিত কৰিছে যাতে সাগৰত কোন...

May 28, 2024 5:28 PM

views 68

ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত

ৰাজ্যত আজি  প্ৰবল ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এগৰাকী ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত মৃত্যুমুখত পৰে। আনফালে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমি স্খলনৰ ফলত মৃত্যু ঘটে। বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণ হৈ আছে আৰু কেইবাখনো জিলাত সতর্কতা জাৰি কৰা হৈছে। চৰকাৰী সংস্থাসমূহে বঙাইগাঁও, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ আৰু দক্ষি...

May 28, 2024 1:17 PM

views 72

জুনত সমগ্ৰ দেশতে স্বাভাৱিক পৰিমাণৰ বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

বতৰ বিজ্ঞান বিভাগে অহা ৩০ মে' পর্যন্ত পাঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডিগড়ত উৎকট গৰম তথা গ্ৰীষ্ম প্ৰবাহৰ সতর্কবাণী জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দক্ষিণ আৰু পশ্চিম পাঞ্জাৱ তথা হাৰিয়ানাৰ কোনো কোনো অংশত তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি হৈ ৪৫ৰ পৰা ৪৭ ডিগ্রী চেলছিয়াছ পৰ্যন্ত হ'ব পাৰে। একেদৰে হাৰিয়ানাৰ উত্তৰ অংশ আৰু চণ্ডিগড়কে ধৰি পাঞ্জাৱৰ তাপমাত্রা ৪৩ৰ পৰা ৪৫ ডিগ্রী চেলছিয়াছৰ ভিতৰত থাকিব বুলি বিভাগে প্ৰকাশ কৰিছে। গ্রীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি হাৰিয়ানাত অহা ৩০ জুন পর...

May 25, 2024 8:00 PM

views 93

কাইলৈৰ পৰা অহা ২৯ মে’লৈ ৰাজ্যৰ কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে কাইলৈৰ পৰা অহা ২৯ মে’লৈ ৰাজ্যৰ কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কাইলৈ অসমৰ লগতে মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ কেইবাটাও স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। এই সময়ছোৱাত অসম আৰু ত্ৰিপুৰাৰ কোনো কোনো স্থানত গ্ৰীষ্ম প্রবাহৰ সম্ভাৱনা আছে। অহা ২৭ মে'ৰ পৰা ২৯ মেলৈ অসমৰ লগতে নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ ভালেকেইখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে ৰাজ্যৰ ব...

May 25, 2024 6:06 PM

views 90

অহা ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইতে গৰম আৰু আৰ্দ্ৰতা সর্বোচ্চ তাপমাত্রা স্বাভাৱিকতকৈ ৫ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অহা ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইতে গৰম আৰু আৰ্দ্ৰতা বেছি হোৱাৰ লগতে সর্বোচ্চ তাপমাত্রা স্বাভাৱিকতকৈ ৫ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দুই এঠাইত গ্ৰীষ্ম প্রবাহৰ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে।