July 1, 2024 12:42 PM

views 151

উত্তৰ পূব, উত্তৰ পশ্চিম আৰু পূবত অহা তিনি-চাৰিদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব, উত্তৰ পশ্চিম আৰু পূবত অহা তিনি-চাৰিদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে এই খণ্ড কেইটাত অ'ৰেঞ্জ আৰু ৰেড এলাৰ্ট জাৰি কৰিছে। বিভাগে হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব, হাৰিয়ানা, চণ্ডিগড়, পূব ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ বেছি ভাগ অঞ্চলতে অহা তিনিদিনলৈ প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা প্রকাশ কৰিছে। ইপিনে, পূব আৰু উত্তৰ পূব ভাৰতৰ বিহাৰ, পশ্চিমবংগ, চিকিম, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা...

June 18, 2024 7:50 PM

views 78

পৰৱৰ্তী ২-৩ দিনলৈ অসম, মেঘালয় আৰু পশ্চিমবংগৰ হিমালয়ৰ দাতিকাষৰীয়া অঞ্চলসমূহত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু পশ্চিমবংগৰ হিমালয়ৰ দাতিকাষৰীয়া অঞ্চলসমূহত পৰৱৰ্তী ২-৩ দিনলৈ ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত দাক্ষিণাত্যতো বিজুলী থেৰেকণীৰে ধুমুহা বৰষুণ হব পাৰে বুলি কোৱা হৈছে। বিভাগে লগতে উত্তৰ ভাৰতৰ ভালেমান ঠাইত পৰৱৰ্তী ২৪ ঘণ্টালৈ গ্ৰীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে আৰু তাৰ পাছত লাহে লাহে গৰমৰ প্ৰকোপ হ্ৰাস পাব পাৰে বুলি প্ৰকাশ কৰিছে। ভূমধ্য সাগৰীয় অঞ্চলত বায়ুমণ্ডলৰ যথেষ্ট উচ্চতাত সৃষ্টি হোৱা প্ৰৱল ধুমহা বলয়ৰ প্ৰভাৱত উত্তৰ...