ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসম, মেঘালয় আৰু উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ আগজাননীৰে ৰাজ্য কেইখনত ৰেড এলার্ট জাৰি কৰিছে। কেন্দ্ৰটোৱে হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তত অহা তিনি-চাৰিদিনলৈ ধাৰাসাৰ বৰষুণ হ’ব বুলিও সম্ভাৱনা ব্যক্ত কৰিছে। ইফালে, বৰঝাৰস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰই আজিৰে পৰা অহা ৬ জুলাইলৈ ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হ’ব বুলি আগলি বতৰা দিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে, চিৰাং, বাকছা, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, নলবাৰী, বঙাইগাঁও, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, লখিমপুৰ, ধেমাজি আদিকে ধৰি বিভিন্ন জিলাত অহা চাৰিটা দিনত গাজনি ঢেৰেকনিৰে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। আনহাতে, বতৰৰ এনে প্ৰতিকূলতাই পৰৱৰ্তী সময়ত ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল কৰি তুলিব বুলি আশংকা কৰা হৈছে।
Assamese | July 3, 2024 1:05 PM | IMD Alert
অসম, মেঘালয় আৰু উত্তৰাখণ্ডৰ ৰাজ্য কেইখনত ৰেড এলার্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ