April 30, 2025 12:19 PM

views 49

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল ঘোষণা কৰা হৈছে। এই বছৰৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ হৈছে কলা শাখাত প্রায় ৮১ শতাংশ, বিজ্ঞান শাখাত ৮৪. ৮-৮ শতাংশ, বাণিজ্য শাখাত প্রায় ৮২ শতাংশ আৰু ভকেচনেল শাখাত প্রায় ৬৮ শতাংশ। কলা শাখাত প্ৰথম বিভাগত ৪৯, ৫৭৭ গৰাকী শিক্ষার্থী, দ্বিতীয় বিভাগত ৮০, ৬৫০ গৰাকী আৰু তৃতীয় ৫৩, ৫১৮ গৰাকী শিক্ষার্থী উত্তীৰ্ণ হৈছে। একেদৰে বিজ্ঞান শাখাত প্ৰথম বিভাগত ২৫, ৮২৭ গৰাকী শিক্ষার্থী, দ্বিতীয় বিভাগত ১৯,২৮৬ গৰাকী ...

April 20, 2024 6:43 PM

views 57

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এইবাৰৰ পৰীক্ষাত মুঠ ৪ লাখ ১৯ হাজাৰ ৭৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে তিনি লাখ ১৭ হাজাৰ ৩১৭ গৰাকী পৰীক্ষাৰ্থী উত্তীর্ণ হয়। পৰীক্ষাৰ্থীসকলৰ এক লাখ ৫ হাজাৰ ৮৭৩ গৰাকীয়ে প্ৰথম বিভাগ, এক লাখ ৫০ হাজাৰ ৭৬৪ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৬০ হাজাৰ ৬৮০ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে । সামগ্ৰিকভাৱে ৭৫. ৭ শতাংশ পৰীক্ষার্থী উত্তীর্ণ হয়। ফলাফল অনুসৰি অনুৰাগ দলৈয়ে ৫৯৩ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে সৰ্বাধিক লাভ...