July 15, 2024 10:45 AM

views 58

ইউৰো কাপ ফুটবলৰ ফাইনেলত স্পেইনৰ ইংলেণ্ডক ২-১ গলৰ ব্যৱধানত পৰাস্ত

■ বাৰ্লিনত অনুষ্ঠিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত স্পেইনে, ইংলেণ্ডক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি চতুর্থ ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। নিকো উইলিয়ামে স্পেইনৰ হৈ প্ৰথমটো গল দিয়ে। ইপিনে, ইংলেণ্ডৰ ক'ল পামৰে খেলৰ ৭৩ মিনিটত এটা গল দিয়ে। ইয়াৰ পাছতেই স্পেইনৰ মিকেল অয়াৰজাবলে খেলৰ ৮৬ মিনিটত দলৰ হৈ বিজয়সূচক গলটো দিয়ে। উল্লেখযোগ্য যে, ২০২০ চনৰ ইউৰো কাপৰ ফাইনেলত ইটালীৰ হাতত পৰাজিত হোৱা ইংলেণ্ড দ্বিতীয়বাৰৰ বাবে ফাইনেলত পৰাজয়ৰ সন্মুখীন হয়।

July 13, 2024 7:10 PM

views 71

কাইলৈ নিশা ১২.৩০ বজাত স্পেইন-ইংলেণ্ডৰ মাজত ইউৰো কাপ ফুটবলৰ ফাইনেল খেল

ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন কাইলৈ নিশা চাৰে ১২ বজাত বাৰ্লিনত স্পেইন আৰু আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। খেলখনত স্পেইন অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে খিতাপ লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ ফাইনেল খেলিব। ছেমিফাইনেলত স্পেইনে ২-১ গ’লত ফ্ৰান্সক আৰু একেই ব্যৱধানত ইংলেণ্ডে নেডাৰলেণ্ডছক পৰাজিত কৰিছিল।