July 24, 2025 9:13 PM

views 63

ৰাছিয়ান A N-24 বিমানখন দুৰ্ঘটনাত পতিত হোৱাত পাঁচটি শিশু আৰু ৬গৰাকী বিমানকর্মীসহ ৪৯ জন লোক নিহত

আংগাৰা এয়াৰ লাইনচৰ দ্বাৰা পৰিচালিত ৰাছিয়ান A N-24 বিমানখন আজি দুৰ্ঘটনাত পতিত হোৱাৰ ফলত পাঁচটি শিশু আৰু ৬গৰাকী বিমানকর্মীসহ ৪৯ জন লোক নিহত হয়। ব্লাগভেচচেনস্ক'ৰ পৰা ৰাছিয়া-চীন সীমান্তৰ সমীপৰ টিণ্ডালৈ গৈ থকা বিমানখন অৱতৰণৰ কিছু সময় পূর্বে বিমান পৰিবহন নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ হেৰুৱাই আৰু পাহাৰীয়া আমূৰ অঞ্চলত দুৰ্ঘটনাত পতিত হয়। হেলিকাপ্টাৰ উদ্ধাৰকাৰী দলে পাছত দুর্ঘটনা স্থলীৰ পৰা ১০ মাইল দূৰৈত বিমানখনৰ ধ্বংসাৱশেষৰ সম্ভেদ লাভ কৰে। উল্লেখযোগ্য যে ঠেক ভূ-খণ্ড আৰু ঘন অৰণ্যৰ বাবে উদ্ধাৰ কাৰ্যত যথেষ...

January 24, 2025 7:58 PM

views 67

অষ্ট্ৰেলিয়াৰ বিমান বন্দৰসমূহৰ গ্ৰাউণ্ড কৰ্মচাৰীসকলে প্ৰধান বিমান বন্দৰসমূহত কৰা ধৰ্মঘটৰ ফলত আন্তৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ প্ৰতি সতর্কবাণী জাৰি

অষ্ট্ৰেলিয়াৰ বিমান বন্দৰসমূহৰ গ্ৰাউণ্ড কৰ্মচাৰীসকলে দেশখনৰ প্ৰধান বিমান বন্দৰসমূহত আৰম্ভ কৰা ধৰ্মঘটৰ ফলত আন্তৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ প্ৰতি সতর্কবাণী জাৰি কৰা হৈছে। সংবাদ সংস্থাসমূহৰ বাতৰি অনুসৰি চিডনী, মেলবৰ্ণ আৰু ব্ৰীজবেন বিমান বন্দৰত ডিনাতা নামৰ বিমানসেৱা কোম্পানীটোৱে নিয়োগ কৰা এহেজাৰৰো অধিক কৰ্মচাৰীয়ে দীৰ্ঘদিনীয়া দৰমহা বিবাদ নিষ্পত্তিৰ দাবীত আজি ৪ ঘণ্টাৰ বাবে কৰ্মবিৰতি পালন কৰে। অষ্ট্ৰেলিয়াৰ অগ্ৰণী বিমান পৰিবহন সংস্থা কোৱাণ্টাজে জনোৱা মতে, এই ধৰ্মঘটৰ ফলত তেওঁলোকৰ ঘৰুৱা সেৱা ব্যাহত হোৱা ...

October 14, 2024 6:19 PM

views 73

মুম্বাইৰ পৰা নিউয়র্ক অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমা বিস্ফোৰণৰ ভাবুকিৰ বাবে দিল্লীলৈ ঘূৰাই অনা হয়

মুম্বাইৰ পৰা নিউয়র্ক অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান আজি পুৱা বোমা বিস্ফোৰণৰ ভাবুকিৰ বাবে দিল্লীলৈ ঘূৰাই অনা হয়। পর্যবেক্ষণৰ অন্তত বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী নিৰাপদ আৰু সুকলমে থকা বুলি জানিব পৰা গৈছে। আনহাতে, মুম্বাইৰ পৰা মাস্কটালৈ চলি থকা বিমান এখনেও বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছিল। নিয়ম অনুসৰি ততাতৈয়াকৈ বিমানখনক এটা বিচ্ছিন্ন উপসাগৰলৈ লৈ যোৱা হয় আৰু নিৰাপত্তা ব্যৱস্থা পৰীক্ষা কৰা হয়। মুম্বাইৰ পৰা জেদ্দালৈ গৈ থকা আন এখন বিমানেও এই ভাবুকিৰ সন্মুখীন হৈছিল। ইফালে মুম্বাই-হাওৰা অভিমু...

May 8, 2024 8:19 PM

views 55

বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে আৰু বিষয়টো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰালয়ে লগতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছক অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ নিয়ম অনুসৰি যাত্ৰীসকলৰ বাবে সুবিধা সুনিশ্চিত কৰিবলৈ কৈছে। ইয়াৰ পূৰ্বে চালক দলৰ জ্যেষ্ঠ সদস্যসকলে জাননী নিদিয়াকৈ সমুহীয়াভাৱে অসুস্থতাৰ ছুটি লোৱাৰ বাবে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰা হৈছে।