April 2, 2024 7:48 PM

views 61

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমানলৈকে ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

♦ ৰাজ্যত ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এতিয়ালৈকে চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ডিফু সমষ্টিৰ বাবে আজি বিজেপি প্রার্থী অমৰ সিং তিছোৱে মনোনয়ন দাখিল কৰে। প্ৰাৰ্থীৰ্গৰাকীয়ে কাৰ্বি আংলং নিৰ্বাচনী জিলাৰ ৰিটার্ণিং বিষয়া মথুমিতা ভাগৱতীৰ হাতত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গালোচাৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে...

April 2, 2024 7:13 PM

views 69

ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ

♦ সমাগত ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ কৰিছে। সম্বলপুৰ বিধানসভা সমষ্টিৰ পৰা জয়নাৰায়ণ মিশ্ৰই প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মানস কুমাৰ দত্তই বালেশ্বৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। চিতাংছু শেখৰ মহাপাত্রই ভদ্ৰক আৰু ক্ৰুছানা চন্দ্ৰ পাত্ৰই ধেনকানাল বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । ইফালে, বিজেপিৰ অজয় নিশাদে কংগ্ৰেছত যোগদান কৰিছে। নতুন দিল্লীত দলৰ নেতা মোহন প্ৰকাশ আৰু পৱন খেৰাৰ উপস্থিতিত অজয় নিশাদে কংগ্ৰেছ দলত যোগদান কৰে। উল্লেখযো...

April 2, 2024 12:44 PM

views 97

নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী মোদী দিনৰ প্ৰায় ১.৩০ বজাত জয়পুৰ মলাহেৰা গাঁৱত উপস্থিত হ’ব

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্রীমোদীয়ে মলাহেৰা গাঁৱত আয়োজন কৰা সভাস্থলীত দিনৰ প্ৰায় ১.৩০বজাত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ দলীয় প্ৰাৰ্থী ৰাও ৰাজেন্দ্ৰ সিঙৰ হৈ এই সভাত অংশ ল'ব। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হ'ল ৰাজস্থানত শ্ৰীমোদীৰ নিৰ্বাচনকেন্দ্ৰিক প্ৰথমখন সভা। ৰাজ্যখনত অহা ১৯ আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত লোকসভা নির্বাচন অনুষ্ঠিত হ'ব।

April 2, 2024 12:40 PM

views 92

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ নাইনিটাল উধমসিং নগৰ লোকসভা সমষ্টিৰ অধীনৰ ৰুদ্ৰপুৰত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ হৈ প্ৰচাৰ চলাব। Read More News :  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী  শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ'বঃ মুখ্য নির্বাচনী বিষয়া ড° বি ডি আৰ তিৱাৰী  সমষ্টিটোত বিজেপি প্রার্থীগৰাকীৰ বিৰুদ্ধে...

April 2, 2024 12:06 PM

views 74

জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্রী মোদীয়ে অংশগ্ৰহণ কৰিব

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রীগৰাকীয়ে লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ দলীয় প্রার্থী বাও ৰাজেন্দ্ৰ সিঙৰ হৈ এই সভাত অংশ ল'ব। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হ'ল ৰাজস্থানত শ্রীমোদীৰ নিৰ্বাচনকেন্দ্রিক প্রথমখন সভা। ৰাজ্যখনত অহা ১৯ আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। Read More :  শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অন...

April 2, 2024 11:46 AM

views 93

অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত

◊ ৰাজ্যত ১৯ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানে সম্প্ৰতি গতি লাভ কৰিছে। মুখ্যমন্ত্রীসহ শাসকীয় পক্ষই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলোৱাৰ সমান্তৰালকৈ বিৰোধী দলসমূহেও নিজ নিজ প্রার্থীৰ সমৰ্থনত ভোটদাতাৰ মন আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বৰপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কাজিৰঙা সমষ্টিৰ বিজেপি প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰচাৰ চলাব। এই সভাত বিজেপি প্রার্থীগৰাকীৰ লগতে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন উপস...

April 1, 2024 8:50 PM

views 31

২৬ এপ্ৰিলত ৰাজ্যত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

♦ দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্ৰিলত হবলগীয়া নিৰ্বাচনৰ বাবে আজি ৰাজ্যত দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াৰ ভিতৰত এগৰাকী শিলচৰৰ আৰু আনগৰাকী নগাওঁ সমষ্টিৰ প্ৰাৰ্থী। উল্লেখযোগ্য যে, এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৪ এপ্রিল ধাৰ্য কৰা হৈছে। আনহাতে, মনোনয়ন পত্র প্ৰত্যাহাৰৰ শেষ দিন অহা ৮ এপ্রিল। এই পর্যায়ত নিৰ্বাচন হ'বলগীয়া দৰং-ওদালগুৰি, ডিফু-কৰিমগঞ্জ, শিলচৰ আৰু নগাওঁ সমষ্টিত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আনহাতে জিলাকেইখনৰ প্ৰশাসনসমূহেও নিৰ্বাচনৰ ...

April 1, 2024 7:24 PM

views 128

মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

♦ সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিছে। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিজেপি সমর্থক আৰু মিত্ৰ দলৰ কৰ্মীসকলৰ সৈতে এটি চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰিচুকলৈ প্ৰায় ১৫ কিলোমিটাৰ পথ চাইকেল চলাই নির্বাচনী প্ৰচাৰৰ আৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত...

April 1, 2024 6:52 PM

views 83

লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

আসন্ন লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে পূৰ্ণ গতিৰে প্ৰস্তুতি চলাইছে। প্রিজাইডিং আৰু প্ৰথম প’লিং বিষয়াসকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত আজি দ্বিতীয় আৰু তৃতীয় প'লিং বিষয়াসকলক প্রশিক্ষণ দিয়া হয়। আনহাতে নির্বাচনী প্রক্রিয়া সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰাৰ বাবে ডিমৌ বিধানসভা সমষ্টি আৰু শিৱসাগৰ বিধানসভা সমষ্টিত ১০৫ গৰাকী সূক্ষ্ম পৰ্যৱেক্ষক নিয়োজিত কৰা হৈছে। এই পৰ্যৱেক্...

April 1, 2024 6:44 PM

views 81

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ই ভি এমসমূহ বিতৰণ পূৰ্বে আজি পৰীক্ষা কৰা হয়

ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে নিৰ্ধাৰণ কৰা অনুসৰি আজি ই ভি এমসমূহ বিতৰণ পূৰ্বে পৰীক্ষা কৰা হয়। এই প্ৰক্ৰিয়াৰ পিছতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটাৰ ভোটগ্রহণ কেন্দ্ৰসমূহত ই ভি এম, ভি ভি পেট আদি সামগ্ৰীসমূহ বিতৰণ কৰা হ'ব। উল্লেখযোগ্য যে, অসমত তিনিটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত ৫ খন আসনৰ বাবে যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, কাজিৰঙা আৰু লখিমপুৰ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব।