June 14, 2026 10:29 AM

views 40

ইৰানৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে শান্তি চুক্তিৰ সম্ভাৱনা আছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ ঘোষণা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ইৰানৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে আজি এখন শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা আছে আৰু ইয়াৰ পাছতে কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ হৰমুজ প্রণালী সকলোৰে বাবে মুকলি হ'ব বুলি ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্পে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয়, যে চুক্তি সম্পাদনত ব্যর্থ হ'লে অন্তিম বিকল্পৰ পথ খোলা থাকিব। তেওঁ লগতে ২০১৫ চনৰ যুটীয়া সর্বাত্মক কাৰ্য পৰিকল্পনাৰ সৈতে প্ৰস্তাৱিত শান্তি চুক্তিখনৰ তুলনা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ত...