January 21, 2025 11:05 AM

views 42

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সামৰণি

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কালি সামৰণি পৰে। এই নিৰ্বাচনৰ বাবে ৬৯৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মুখ্য নির্বাচনী বিষয়াই জনোৱা মতে মুঠ এহেজাৰ ৫২২ খন মনোনয়ন পত্ৰৰ ভিতৰত ৪৮৭ খন মনোনয়ন বাতিল হয়। নতুন দিল্লী বিধানসভা আসনখনৰ বাবে সৰ্বাধিক ২৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। পেটেল নগৰ আৰু কস্তুৰবা নগৰৰ আসন দুখনৰ বাবে ৫ গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। উল্লেখযোগ্য যে ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ আৰু ৮ ফেব্ৰুৱাৰীত ভোট ...

January 18, 2025 6:48 PM

views 49

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ১,৫২১ খন মনোনয়ন পত্ৰ দাখিল

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৫২১ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৬৮০খন মনোনয়ন পত্র দাখিল কৰা হৈছে । নির্বাচন আয়োগে জনোৱা অনুসৰি নতুন দিল্লী বিধানসভা সমষ্টিৰ আসনখনৰ বাবে ২৯ গৰাকী প্ৰাৰ্থীয়ে সৰ্বমুঠ ৪০খন মনোনয়ন পত্র দাখিল কৰিছে। উল্লেখযোগ্য যে এই সমষ্টিটোটেই সর্বাধিক মনোনয়ন পত্র দাখিল কৰা হৈছে। নতুন দিল্লী বিধানসভা সমষ্টিৰ এই আসনখনৰ পৰাই আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে বিজেপিৰ পাৰভেশ বাৰ্ম...

January 17, 2025 10:21 AM

views 47

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। এইবাৰৰ নিৰ্বাচনৰ বাবে বৰ্তমানলৈকে মুঠ ৮৪১ খন মনোনয়ন পত্র দাখিল কৰা হৈছে। ইচ্ছ্যুক প্ৰাৰ্থীসকলে সোমবাৰলৈকে মনোনয়ন প্ৰত্যাহ্বাৰ কৰিব পাৰিব। দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব ।

December 31, 2024 6:34 PM

views 51

দিল্লী বিধানসভাৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক কার্যকলাপ বৃদ্ধি

দিল্লী বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ সময়তে দিল্লীত ৰাজনৈতিক কার্যকলাপ ক্রমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দিল্লী বিজেপিয়ে আম আদমী পাৰ্টী চৰকাৰক লক্ষ্য হিচাপে লৈ ঠায়ে ঠায়ে পোষ্টাৰ লগাই শাসকীয় দলটোক সমালোচনা কৰিছে। দিল্লী বিজেপি কাৰ্যালয়ৰ আশে-পাশে লগোৱা এনে পোষ্টাৰত ৰাজধানী মহানগৰীখনক দুৰ্নীত আৰু অপশাসনে চানি ধৰা বুলি অভিযোগ কৰা হৈছে। একেদৰে বায়ু প্ৰদূষণ, চিকিৎ‍সা আৰু পানীৰ সমস্যাকে ধৰি ভালেমান বিষয়ক লৈ শাসকীয় দলটোৰ বিৰুদ্ধে বিজেপি সৰৱ হৈ পৰা দেখা গৈছে। আনহাতে বিজেপিৰ মুখপাত্ৰ গৌৰৱ...