দিল্লী বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ সময়তে দিল্লীত ৰাজনৈতিক কার্যকলাপ ক্রমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দিল্লী বিজেপিয়ে আম আদমী পাৰ্টী চৰকাৰক লক্ষ্য হিচাপে লৈ ঠায়ে ঠায়ে পোষ্টাৰ লগাই শাসকীয় দলটোক সমালোচনা কৰিছে। দিল্লী বিজেপি কাৰ্যালয়ৰ আশে-পাশে লগোৱা এনে পোষ্টাৰত ৰাজধানী মহানগৰীখনক দুৰ্নীত আৰু অপশাসনে চানি ধৰা বুলি অভিযোগ কৰা হৈছে। একেদৰে বায়ু প্ৰদূষণ, চিকিৎসা আৰু পানীৰ সমস্যাকে ধৰি ভালেমান বিষয়ক লৈ শাসকীয় দলটোৰ বিৰুদ্ধে বিজেপি সৰৱ হৈ পৰা দেখা গৈছে।
আনহাতে বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ এটা নির্দেশনাক লৈ আম আদমী পাৰ্টীক কঠোৰ সমালোচনা কৰে। শিশুৰ অংশগ্রহণেৰে আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আতিশিয়ে চলোৱা ৰাজনৈতিক প্ৰচাৰ অভিযান সামাজিক মাধ্যমৰ মঞ্চ এক্সৰ পৰা প্ৰত্যাহাৰ কৰাৰ বাবে আয়োগে দিয়া নির্দেশক লৈ দলীয় মুখপাত্ৰগৰাকী শাসকীয় দলটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। আপৰ নেতৃবৰ্গই তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে শিশুসকলক ব্যৱহাৰ কৰা বুলি শ্ৰী ভাটিয়াই নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত অভিযোগ কৰে।
Assamese | December 31, 2024 6:34 PM | Delhi Election
দিল্লী বিধানসভাৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক কার্যকলাপ বৃদ্ধি