August 17, 2025 12:20 PM

views 35

গুৱাহাটীৰ দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণাৰ অধিসূচনা জাৰি

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে গুৱাহাটীৰ দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল (ইক' ছেনজিটিভ জ’ন) হিচাপে ঘোষণাৰ অধিসূচনা জাৰি কৰিছে। মন্ত্ৰ্যালয় ১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা আইনৰ অধিনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ জলাশয় তথা বিভিন্ন বিলুপ্তপ্ৰায় প্ৰজাতিৰ পক্ষী, সৰীসৃপ আৰু জলজ পতংগৰ আবাসস্থলী দীপৰ বিলৰ সংৰক্ষণৰ বাবে এই পদক্ষেপ লৈছে। অধীসূচনাখনত পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ দীপৰ বিল বন্য প্রাণী অভয়াৰণ্যৰ সীমাৰ চাৰিও দিশে ২৫.২৯৪ মিটাৰৰ পৰা ৫...

January 5, 2025 7:08 PM

views 46

গুৱাহাটীৰ দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱ আৰম্ভ

গুৱাহাটীৰ দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত আজিৰেপৰা দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱ আৰম্ভ হৈছে। এই উপলক্ষে আজি পুৱাৰে পৰা বিলৰ পাৰত উখল-মাখল পৰিবেশৰ সৃষ্টি হয়। বিলত আন প্ৰজাতিৰ তুলনাত ঘাইকৈ ৰৌ, ভকুৱা, বৰালী মাছ আদি মাছমৰীয়াৰ জালত পৰিছে যদিও এইবেলি পূৰ্বৰ বৰ্ষবোৰৰ তুলনাত মাছ কমকৈ পৰা বুলি মাছমৰীয়াসকলে জানিবলৈ দিছে। সমবায় সমিতিখনৰ সভাপতি আৰু সম্পাদকে জনোৱা মতে মাঘ বিহুৰ উৰুকাৰ সময়লৈকে এই সমূহীয়া মাছ ধৰা পৰ্ব অব্যাহত থাকিব।

April 6, 2024 12:48 PM

views 47

দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্রত্যাহাৰৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক লৈ জাননী জাৰিত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্রত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে গ্ৰহণ কৰা সিদ্ধান্তক লৈ জাননী জাৰি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্যৰ অন্যতম বৃহৎ জলাশয়টোৰ সুৰক্ষাক লৈ ন্যায়ালয়ত বিচাৰাধীন এটা গোচৰত দাখিল কৰা এখন হস্তক্ষেপমূলক আবেদনৰ শুনানিৰ পাছত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই ৰায় দিয়ে। শুনানিত ৰাজ্য চৰকাৰৰ পৰা সদৰি কৰা হয় যে যোৱা ২৭ মাৰ্চত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ...