October 3, 2025 12:20 PM

views 72

প্রবীণ গান্ধীবাদী নেতা জি জি পাৰিখৰ দেহাৱসান

প্রবীণ গান্ধীবাদী, সমাজবাদী নেতা তথা স্বাধীনতা সংগ্রামী জি জি পাৰিখৰ কালি মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। স্বাধীনতা সংগ্ৰামীগৰাকীক তেওঁৰ জীৱন কালত দুবাৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল ৷ প্ৰথমটো ১৯৪২ চনত ভাৰত ত্যাগ অন্দোলনৰ সময়ত আৰু পাছত জৰুৰী অৱস্থাৰ সময়ত । এই জটিলতাৰ পাছতো সামাজিক কাৰ্যৰ প্ৰতি তেওঁৰ নিষ্ঠা অভূতপূৰ্ব আছিল। তেওঁ ছাত্ৰ কৰ্মী হিচাপে ৰাজহুৱা সক্ৰিয় জীৱন আৰম্ভ কৰিছিল আৰু ১৯৪০ৰ দশকত সৌৰাজ্য আৰু মুম্বাইৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেওঁ ছাত্র কংগ্ৰেছৰ বম্বে...

September 16, 2025 1:07 PM

views 80

মহানগৰীৰ ৰূপনগৰত কালি ভূমিস্খলনত এগৰাকী মহিলাৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ ৰূপনগৰত কালি ভূমিস্খলনত এগৰাকী মহিলাৰ মৃত্যু হয়। কালি দিনৰ প্ৰায় ১১ বজাত ৰীনা ডেকা দাস নামৰ প্ৰায় ৪৫ বছৰীয়া মহিলাগৰাকীয়ে গা ধুই থকা অৱস্থাত ওচৰৰ পাহাৰৰ পৰা খহি অহা এটা শিলাখণ্ডই তেওঁক হেঁচা মাৰি ধৰে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাইজে মহিলাগৰাকীক উদ্ধাৰৰ চেষ্টা চলাই যদিও বিফল হয়। আৰক্ষী, এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে নিশা প্ৰায় ৯ বজাত মৃতদেহটো উদ্ধাৰ কৰে। দুৰ্গম পাহাৰীয়া এলেকাটোৰ ভৌগোলিক অৱস্থানৰ বাবে উদ্ধাৰ অভিযান কিছু ব্যাহত হয়। এবছৰ পূৰ্বে মহিলাগৰাকীৰ স্বামীয়ে সেই...

September 4, 2025 8:21 PM

views 65

বর্ষীয়ান সাংবাদিক বিৰাজ দাসৰ অন্ত্যেষ্টিক্রিয়া নৱগ্ৰহ শ্মশানত সম্পন্ন

কালি দেহাৱসান ঘটা অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ অন্ত্যেষ্টিক্রিয়া আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন হয়। অন্ত্যেষ্টিক্রিয়াত ভালেসংখ্যক গুণমুগ্ধ আৰু সংবাদকর্মী উপস্থিত থাকে। ইয়াৰ আগেয়ে দিনৰ ভাগত তেওঁৰ নশ্বৰদেহ আকাশবাণী গুৱাহাটীলৈ অনা হয় আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ লগতে আন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰাক্তন সতীৰ্থগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা তৰ্পন কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বর্ষীয়ান সাংবাদিক গৰাকীৰ কালি বিয়লি গুৱাহাটীৰ এখন হাস্পতালত ৮৯ বছৰ বয়স...

September 3, 2025 8:07 PM

views 63

অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ দেহাৱসান

অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ আজি দেহাৱসান ঘটিছে। বর্ষীয়ান সাংবাদিক গৰাকীয়ে আজি বিয়লি প্রায় ৩ বাজি ৫৫ মিনিটত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ। ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক তথা আন্তর্জাতিক পর্যায়ত আকাশবাণীৰ বিশেষ সংবাদদাতাৰ পদবীত কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া বিৰাজ দাসৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলাৰ কমাৰকুছি গাঁৱত। নলবাৰী গর্ডন হাইস্কুলত স্কুলীয়া শিক্ষা সম...

July 4, 2025 6:56 PM

views 63

ডাঃ ৰূপলিন ৰংপিপিৰ মৃত্যুত ড° হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

পশ্চিম কাৰ্বি আংলং জিলাৰ দংকামোকামত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ ডাঃ ৰূপলিন ৰংপিপি নামৰ প্ৰচুৰ সম্ভাৱনাপূর্ণ চিকিৎসকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে এটা শোকবার্তাত কাৰ্বি সমাজে চিকিৎসকগৰাকীৰ অৱদান সদায় মনত ৰাখিব বুলি উল্লেখ কৰে। চিকিৎসাবৃত্তিৰ সমানে সমানে সাংস্কৃতিক ক্ষেত্ৰতো দখল থকা চিকিৎসকগৰাকীৰ কালি সন্ধিয়া প্ৰবল বৰষুণ আৰু বিজুলী- ঢেৰেকনীৰ বাবে ইনভাৰ্টাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ যোৱাৰ সময়তে বিদ্যুৎ পৰিবাহী ছকেটত লাগি থিতাতে মৃত্যু হয়। ডাঃ ৰ...

April 7, 2025 6:58 PM

views 65

শিৱসাগৰৰ সৰবৰহী মহিলা তথা সমাজ সেৱিকা অঞ্জলী গগৈৰ দেহাৱসান

শিৱসাগৰ জিলাৰ নাজিৰাৰ সৰবৰহী মহিলা তথা সমাজ সেৱিকা অঞ্জলী গগৈৰ আজি পুৱতি নিশা যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। হৃদ ৰোগকে ধৰি অন্যান্য শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ যোৱা ১ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল। বিবিচি এছিয়া পেচিফিকৰ সম্পাদকৰ দায়িত্বত থকা শচীন গগৈৰ মাতৃ অঞ্জলী গগৈ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰয়াত গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছ...

March 20, 2025 7:04 PM

views 65

যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিশিৰ কুমাৰ বৰঠাকুৰৰ দেহাৱসান

যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ শিশিৰ কুমাৰ বৰঠাকুৰৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। যোৱা কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বৰঠাকুৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। প্ৰাক্তন অধ্যক্ষগৰাকীৰ মৃত্যুত মৰিয়নি মহাবিদ্যালয়ৰ সমূহ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে শোক প্ৰকাশ কৰিছে।  

March 18, 2025 12:11 PM

views 56

প্রখ্যাত ডি আই কালাৰিষ্ট সুজীত বৰাৰ দেহাৱসান

প্রখ্যাত ডি আই কালাৰিষ্ট তথা অনলাইন গ্রাফিক ডিজাইনাৰ সুজীত বৰাৰ কালি মুম্বাইৰ ভক্তি বেদান্ত চিকিৎসালয়ত দেহাৱসান ঘটে। ভি চি পি মায়'পেথি নামৰ বিৰল অৱক্ষয়ীজিনিয় ৰোগত আক্ৰান্ত প্ৰয়াত বৰাই শতাধিক হিন্দী, মাৰাঠী আৰু অসমীয়া চলচ্চিত্ৰৰ লগতে কেইবাখনো ধাৰাবাহিকত কৰা কামৰ বাবে সুখ্যাতি অৰ্জন কৰিছিল। তিনিচুকীয়া জিলাৰ মাকুমৰ সন্তান প্রয়াত বৰাই কাম কৰা কেইখনমান বিখ্যাত হিন্দী চলচ্চিত্র হ'ল- কাহো না প্যাৰ হে, পৰদেশ, হম দিল দে চুকে চানাম ইত্যাদি।  

March 17, 2025 7:20 PM

views 43

বজালীৰ দেৱ দামোদৰ সত্ৰৰ সত্ৰাধিকাৰ নৃপেন্দ্ৰ নাথ গোস্বামীৰ দেহাৱসান

বজালীৰ দেৱ দামোদৰ সত্ৰৰ সত্ৰাধিকাৰ নৃপেন্দ্ৰ নাথ গোস্বামীৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত তেওঁৰ ভালুকীৰ নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। তেওঁৰ মৃত্যুত সমগ্র বজালী জিলাত শোকৰ ছাঁ পৰিছে।

June 12, 2024 5:59 PM

views 30

প্রাক্তন ফুটবল খেলুৱৈ, প্ৰশিক্ষক টি কে চাথুন্নীৰ দেহাৱসান

প্রাক্তন ফুটবল খেলুৱৈ তথা প্ৰশিক্ষক টি কে চাথুন্নীৰ আজি পুৱা কেৰালাৰ এৰ্ণাকুলাম জিলাৰ কাৰুকুট্টিৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। দেশৰ এগৰাকী অতি সফল ফুটবল প্রশিক্ষক হিচাপে পৰিচিত চাথুন্নী কোচিন এফ চি, চাৰ্ছিল ব্ৰাডাৰ্ছ, ডেম্প’ এফ চি, মোহন বাগান, ছালগাওকাৰ আৰু কেৰালা আৰক্ষী ফুটবল দলকে ধৰি বহুকেইটা ফুটবল ক্লাবৰ প্ৰশিক্ষক হিচাপে আছিল।