গুৱাহাটী মহানগৰীৰ ৰূপনগৰত কালি ভূমিস্খলনত এগৰাকী মহিলাৰ মৃত্যু হয়। কালি দিনৰ প্ৰায় ১১ বজাত ৰীনা ডেকা দাস নামৰ প্ৰায় ৪৫ বছৰীয়া মহিলাগৰাকীয়ে গা ধুই থকা অৱস্থাত ওচৰৰ পাহাৰৰ পৰা খহি অহা এটা শিলাখণ্ডই তেওঁক হেঁচা মাৰি ধৰে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাইজে মহিলাগৰাকীক উদ্ধাৰৰ চেষ্টা চলাই যদিও বিফল হয়। আৰক্ষী, এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে নিশা প্ৰায় ৯ বজাত মৃতদেহটো উদ্ধাৰ কৰে। দুৰ্গম পাহাৰীয়া এলেকাটোৰ ভৌগোলিক অৱস্থানৰ বাবে উদ্ধাৰ অভিযান কিছু ব্যাহত হয়। এবছৰ পূৰ্বে মহিলাগৰাকীৰ স্বামীয়ে সেই স্থান মাটি ক্রয় কৰি ঘৰ সাজি থাকিবলৈ লৈছিল। এই ঘটনাৰ পাছতে প্রশাসনে অঞ্চলটোৰ কেইবাটাও ঘৰৰ বাসিন্দাক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিছে।
Assamese | September 16, 2025 1:07 PM | Death
মহানগৰীৰ ৰূপনগৰত কালি ভূমিস্খলনত এগৰাকী মহিলাৰ মৃত্যু