August 28, 2025 1:09 PM

views 61

কমলৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত অভিনৱ গগৈ আৰু হেমন্ত দৈমাৰীৰ সোণৰ পদক অৰ্জন

গুজৰাটৰ আহমেদাবাদত চলি থকা কমলৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত কালি অসমৰ অভিনৱ গগৈ আৰু হেমন্ত দৈমাৰীয়ে সোণৰ পদক অৰ্জন কৰি এই প্ৰতিযোগিতাত ৰাজ্যখনৰ খেলুৱৈৰ সোণৰ পদকৰ সংখ্যা ৪ লৈ বৃদ্ধি কৰিলে। ল'ৰাৰ যুৱ শাখাৰ ৭১ কিলোগ্ৰামত অভিনৱ গগৈয়ে তিনিটাকৈ নতুন অভিলেখ গঢ়ি শ্রেষ্ঠত্ব প্ৰতিপন্ন কৰে। তেওঁ স্লেটছত ১২৩ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জার্কত ১৫৫ কিলোগ্ৰাম উত্তোলন কৰে। সামগ্ৰিকভাৱে ২৭৮ কিলোগ্ৰামৰ ভাৰোত্তোলন কৰি খেলুৱৈগৰাকীয়ে তিনিওটা শাখাতে নতুন অভিলেখ ৰচিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে স্লেটছ, ক্লিন এণ্ড জাৰ্...