May 26, 2025 9:09 PM

views 39

ভাৰতৰ কয়লা খণ্ডৰ যাত্ৰাক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কয়লা খণ্ডৰ যাত্ৰাক প্ৰশংসা কৰিছে। কেন্দ্রীয় কয়লা মন্ত্রী জি কিষাণ ৰেড্ডীৰ এটা প্ৰৱন্ধ সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰি কয়, যে এই প্ৰৱন্ধটো চৰকাৰৰ পৰিৱৰ্তনশীল যাত্ৰাৰ এটা দশকৰ প্ৰতিচ্ছবি। বিগত এটা দশকত ভাৰতৰ কয়লা খণ্ডত যি অভূতপূর্ব উত্থান, সেই উত্থানক সুন্দৰৰূপে প্ৰৱন্ধটোত উল্লেখ কৰা হৈছে। চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেউ সাইৰ আন এটা প্ৰৱন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে জনজাতীয় কল্যান, নিৰাপত্তা আৰু উন্নয়নে চত্তিশগড়ৰ নতুন অ...

January 7, 2025 9:14 PM

views 45

উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৩০ জনীয়া আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ৮ জনীয়া দলৰ লগতে নৌ সেনাৰ ডুবাৰুসকলে উদ্ধাৰ অভিযান পূর্ণগতিত চলাই আছে। উদ্ধাৰ অভিযানত নিয়োজিত দলে প্ৰকাশ কৰা অনুসৰি খনিটোৰ ভিতৰৰ পানী প্ৰায় ১০০ ফুটলৈ বৃদ্ধি পাইছে আৰু কেইবামিটাৰ দ পানীত আৱদ্ধ হৈ পৰা শ্রমিককেইজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ সম্ভাৱনা প্ৰায় নিৰ্বাপিত হৈছে। এই ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে খনি আৰু খনিজ আইন ১৯৫৭ৰ অধীনত অৱহ...

November 20, 2024 9:14 PM

views 22

অনিয়ন্ত্রিত খণ্ড আৰু কয়লা আধাৰিত ঘৰুৱা তাপ বিদ্যুৎ প্ৰকল্পত মিশ্ৰণৰ বাবে আমদানি কৰা কয়লাৰ পৰিমাণ হ্ৰাস

চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ অনিয়ন্ত্রিত খণ্ড আৰু কয়লা আধাৰিত ঘৰুৱা তাপ বিদ্যুৎ প্ৰকল্পত মিশ্ৰণৰ বাবে আমদানি কৰা কয়লাৰ পৰিমাণ হ্ৰাস পাইছে। কয়লা মন্ত্রালয়ে আজি প্ৰকাশ কৰা মতে, অনিয়ন্ত্রিত খণ্ডৰ বাবে কয়লাৰ আমদানি ৯.৮৩ শতাংশ হ্রাস পাই ৬ কোটি ৩২ লাখ ৪০ হাজাৰ টন হৈছে। যোৱা বছৰ এই সময়ছোৱাত কয়লাৰ আমদানি ৭ কোটি ৮ লাখ ১০ হাজাৰ টন আছিল। ইপিনে, বিদ্যুৎ প্ৰকল্পৰ বাবে আমদানি কৰা কয়লাৰ পৰিমাণ ১ কোটি ৭ লাখ ১০ হাজাৰ টনৰ পৰা ৮.৫৯ শতাংশ হ্রাস পাই ৯৭ লাখ ৯০ হাজাৰ টন হৈছে। অৱশ্যে, এই সময়ছ...

September 10, 2024 1:04 PM

views 44

কয়লাৰ সৈতে জড়িত ৰাজহুৱা খণ্ডৰ উদ্যোগ তথা কোম্পানীসমূহৰ সামাজিক দায়বদ্ধতা কাৰ্যকলাপৰ পৰ্যালোচনা বৈঠক দিল্লীত অনুষ্ঠিত

কয়লা মন্ত্ৰালয়ৰ উদ্যোগত কালি নতুন দিল্লীত কয়লাৰ সৈতে জড়িত ৰাজহুৱা খণ্ডৰ উদ্যোগ তথা কোম্পানীসমূহৰ সামাজিক দায়বদ্ধতা কাৰ্যকলাপৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰূপায়ণ হৈ থকা চি এছ আৰ পদক্ষেপসমূহৰ অগ্ৰগতিৰ মূল্যায়ন, জনসাধাৰণৰ ওপৰত এইসমূহৰ প্ৰভাৱৰ মূল্যায়ন আৰু চৰকাৰৰ নিৰ্দেশনাৰ সৈতে এইসমূহৰ সামঞ্জস্য বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰা হয়। স্বাস্থ্যসেৱা, শিক্ষা, পৰিৱেশ, দক্ষতা বিকাশ আৰু জীৱিকাৰ দৰে বিভিন্ন খণ্ডত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহক লৈ বৈঠকত আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰালয়ে ফলাফল নিশ্চ...