October 24, 2025 6:43 PM

views 89

শিলচৰৰ পুলিচ পেৰেডগ্ৰাউণ্ডত আত্মসহায়ক গোটৰ ১৩,১৩৯ গৰাকী মহিলাক চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

শিলচৰৰ পুলিচ পেৰেডগ্ৰাউণ্ডত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শিলচৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ১৩ হাজাৰ ১৩৯ গৰাকী মহিলাক চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি প্ৰস্তাৱিত ২০৮ খন বিচনাযুক্ত ছুপাৰ স্পেছিয়েলিটি চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ২৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক চিকিৎসা কেন্দ্ৰটোৱে বৰাক উপত্যকাৰ স্বাস্থ্য সেৱাৰ মান যথেষ্ট উন্নীত কৰাৰ লগতে ...

June 3, 2025 1:36 PM

views 68

শিলচৰৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ জিলাখনত উপস্থিত মুখ্যমন্ত্ৰী

শিলচৰৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি জিলাখনত উপস্থিত হৈছে। তেওঁ শিলচৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ সৈতে কথা পাতে। মুখ্যমন্ত্ৰীৰ সৈতে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মন্ত্ৰী কৌশিক ৰায়, কৃষ্ণেন্দু পাল আদিও উপস্থিত থাকে।