October 31, 2024 6:40 PM

views 35

বিদ্যুৎ পৰিবহন উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ ১২০০ কোটি টকাৰ প্ৰকল্প

গ্রাম্য অঞ্চলসমূহত বিশেষ গুৰুত্ব আৰোপ কৰি বিদ্যুৎ পৰিবহন উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ১২০০ কোটি টকাৰ প্ৰকল্প হাতত লৈছে। সামাজিক মাধ্যমৰ এটা বার্তা যোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে এই বছৰৰ অক্টোবৰলৈকে ১২ হাজাৰ কিলোমিটাৰতকৈ অধিক এল টি লাইন সলনি কৰা হৈছে আৰু ২৫০ কিলোমিটাৰ নতুন ১১ কিলোভল্ট লাইন নিৰ্মাণ কৰা হৈছে। উন্নত বিদ্যুৎ ব্যৱস্থা, নিৰ্ভৰযোগ্য শক্তি আৰু ক্ৰমবৰ্দ্ধমান শক্তিৰ চাহিদা পূৰণ কৰাৰ লক্ষ্যৰে এই প্ৰকল্প হাতত লোৱা হৈছে।

August 4, 2024 11:29 AM

views 45

মৰিগাঁৱৰ ছেমি কণ্ডাক্টৰ  প্ৰকল্পৰ জৰিয়তে ভৱিষ্যতে অসম দেশৰ ভিতৰতে উদ্যোগ প্রধান ৰাজ্য হিচাপে পৰিগণিত হ’বঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱৰ ছেমি কণ্ডাক্টৰ  প্ৰকল্পৰ জৰিয়তে ভৱিষ্যতে অসম দেশৰ ভিতৰতে উদ্যোগ প্রধান ৰাজ্য হিচাপে পৰিগণিত হ'ব বুলি প্ৰকাশ কৰিছে। ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে জাগীৰোডত টাটা গ্ৰুপৰ সহযোগত স্থাপন হ'বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কালি ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। যোৱা ১৩ মাৰ্চত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা এই প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে টাটা চন্সৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এন...

July 26, 2024 7:50 PM

views 56

বিভিন্ন বিভাগত ৪৬৫ গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্রীৰ নিযুক্তি পত্ৰ প্ৰদান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্য চৰকাৰে অব্যাহত ৰখা এক লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ যাত্ৰাক এখোজ আগুৱাই ৪৬৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত এই প্রার্থীসকলক শিক্ষা, শক্তি আৰু তথ্য-জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্রি বিভাগৰ অধীনত নিযুক্তি পত্ৰ প্ৰদান কৰে। নিযুক্তিপ্রাপ্তসকলৰ ভিতৰত ৩০৬ গৰাকীয়ে শক্তি বিভাগৰ অধীনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেডৰ অধীনত কণিষ্ঠ প্ৰবন্ধক ...

June 20, 2024 7:44 PM

views 56

মঙলদৈত আজি অসম দক্ষতা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ মঙলদৈত নির্মীয়মান অসম দক্ষতা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ বিভিন্ন দিশ পর্যালোচনা কৰে। পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণকাৰ্য অহা বছৰৰ ভিতৰত শেষ হ'ব বুলি আশা প্রকাশ কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। মন্ত্ৰী শ্ৰী মল্লবৰুৱাই কয় যে সকলোধৰণৰ আধুনিক সা- সুবিধাৰে পৰিপূৰ্ণ ২৫০ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা এই বিশ্ববিদ্যালয়...

June 14, 2024 6:51 PM

views 59

নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটো ১০৮ একৰ মাটি সামৰি স্থাপন কৰা হ'ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰকল্পটোৰ বাবে ১১৬ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। প্ৰকল্পটো নিৰ্মাণ কৰোতে ৰাজ্য চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেডেও সমপৰিমাণৰ ধন ব্যয় কৰিব বুলি তেওঁ কয়। ড০ শৰ্মাই কয় যে, ৰাজ্যত বৰ্তমান সৌৰশক্তি উৎপাদনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। শীঘ্ৰেই কাৰ্বি আংলঙত এহেজাৰ ...

May 25, 2024 7:59 PM

views 58

ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছেঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে। এচাম যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ লগতে সমাজ জীৱনত নেতিবাচক প্ৰভাৱ পৰাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত বৰ্তমানলৈকে ২,১৬৬ কোটি টকাতকৈও অধিক নিচাজাতীয় সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে বুলি অৱগত কৰে।

May 13, 2024 11:20 AM

views 51

অসম প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণ তথা উৎপাদনৰ অংশীদাৰ হোৱাৰ দিশত সকলো ধৰণৰ সাজু : মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰ প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণ তথা উৎপাদনৰ অংশীদাৰ হোৱাৰ দিশত সকলোধৰণে সাজু হৈ উঠিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ কৰি কয় যে প্ৰতিৰক্ষা উদ্যোগ নীতিৰ নতুন সংস্কৰণ আৰম্ভ কৰাৰ বাবে ৰাজ্যই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। পেট্ৰ’লিয়াম শোধন আৰু ছেমি কণ্ডাক্টৰৰ পাছতেই ৰাজ্য চৰকাৰে প্ৰতিৰক্ষা উদ্যোগ খণ্ডক অগ্ৰাধিকাৰ দিছে বুলি উল্লেখ কৰি ড° শৰ্মাই লোকসভা নিৰ্বাচন শেষ হ’লে এই সুদূৰপ্ৰসাৰী প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি সদৰি কৰে। তেওঁ লগতে অসমে বর্তমান গ...

May 4, 2024 11:55 AM

views 64

ৰাজ্যৰ ভূমিৰ পট্টা নথকা লোকক পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্রীৰ

◊ বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভূমিৰ পট্টা নথকা লোকক পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। নামনি অসমত এখন নির্বাচনী ৰেলীত ভাষণ দি মুখ্যমন্ত্রী ড০ শৰ্মাই পট্টা প্ৰদানৰ লগতে ডি-ভোটাৰৰ সমস্যা সমাধান কৰাৰো আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড০ শর্মাই লগতে বন্ধ হৈ থকা আধাৰ কাৰ্ড খুলি দিব বুলিও প্রতিশ্রুতি দিয়ে। মুখ্যমন্ত্রীয়ে কলেজত শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া কৰি দিয়াৰ উপৰি নিবনুৱাক ব্যৱসায় কৰিবলৈ ২ লাখ টকা ঋণ দিয়া হ'ব বুলিও প্রতিশ্রুতি দিয়ে।

April 22, 2024 11:22 AM

views 57

আগষ্ট-ছেপ্তেম্বৰত হ’ব অসম মন্ত্ৰীসভাৰ সাল-সলনি আৰু সম্প্ৰসাৰণঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মা

বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা আগষ্ট-ছেপ্তেম্বৰ মাহত মন্ত্ৰীসভাৰ সাল-সলনিকে ধৰি সম্প্ৰসাৰণ হ'ব বুলি ঘোষণা কৰিছে। কালি কাৰ্বি আংলং জিলাত নির্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এইবাৰ ৰঙালী বিহুৰ সময়তে মুখ্যমন্ত্ৰী ড০ শৰ্মাই লোকসভা নিৰ্বাচনৰ পিছতে অসম মন্ত্ৰীসভাৰ ব্যাপক সাল-সলনি হ'ব বুলি ইংগিত দিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত অধিক স্পষ্টকৈ প্ৰকাশ কৰি কয় যে, অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল প্রকাশ পোৱাৰ পাছতেই আগষ...