ৰাজ্য চৰকাৰ প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণ তথা উৎপাদনৰ অংশীদাৰ হোৱাৰ দিশত সকলোধৰণে সাজু হৈ উঠিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ কৰি কয় যে প্ৰতিৰক্ষা উদ্যোগ নীতিৰ নতুন সংস্কৰণ আৰম্ভ কৰাৰ বাবে ৰাজ্যই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। পেট্ৰ’লিয়াম শোধন আৰু ছেমি কণ্ডাক্টৰৰ পাছতেই ৰাজ্য চৰকাৰে প্ৰতিৰক্ষা উদ্যোগ খণ্ডক অগ্ৰাধিকাৰ দিছে বুলি উল্লেখ কৰি ড° শৰ্মাই লোকসভা নিৰ্বাচন শেষ হ’লে এই সুদূৰপ্ৰসাৰী প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি সদৰি কৰে। তেওঁ লগতে অসমে বর্তমান গুজৰাট, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকৰ প্ৰতিৰক্ষা উদ্যোগ নীতিৰ বিষয়ে অধ্যয়ন কৰি আছে আৰু ইয়াৰ উন্নত সংস্কৰণ মুকলি কৰাৰ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে।
Assamese | May 13, 2024 11:20 AM | CM assam
অসম প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণ তথা উৎপাদনৰ অংশীদাৰ হোৱাৰ দিশত সকলো ধৰণৰ সাজু : মুখ্যমন্ত্ৰী