November 25, 2025 12:29 PM

views 79

বিজেপি আৰু অগপই মিত্ৰতাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব: মুখ্যমন্ত্রী

● সমাগত বিধানসভা নির্বাচনত বিজেপি আৰু অগপই মিত্ৰতাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰঙিয়াত প্ৰকাশ কৰে। ইয়াৰে ২২ টা সমষ্টিত জনগাঁঠনিগত কাৰণত তেওঁলোক জয়ী হোৱাৰ সম্ভাৱনা ক্ষীণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কালি ৰঙিয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। ৰাইজে ভালপোৱা প্রার্থীক প্রার্থীত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অগপৰ নেতৃবৰ্গৰ সৈতে এই সন্দৰ্...

November 24, 2025 5:49 PM

views 74

ভাৰত আৰু ইজৰাইলৰ মাজত সৌহার্দপূর্ণ সম্পর্ক আছে আৰু ইয়াৰ পৰা অসমেও লাভান্বিত হ’বঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত আজি ইজৰাইলৰ ৰাষ্ট্রদূত ৰিঅ’ভেন আজাৰৰ উপস্থিতিত ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবল্‌ছ শীৰ্ষক কেন্দ্ৰটো উদ্বোধন কৰে। ভাৰত আৰু ইজৰাইলৰ মাজত সৌহার্দপূর্ণ সম্পর্ক আছে আৰু ইয়াৰ পৰা অসমেও লাভান্বিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। আজিৰ দিনটো অসমৰ কৃষি ক্ষেত্ৰত মাইলৰ খুটি বুলি মুখ্যমন্ত্রীয়ে অভিহিত কৰে। তেওঁ কয় যে ইজৰাইলৰ সৈতে সহযোগিতাৰে আৰম্ভ কৰিবলৈ লোৱা এই কেন্দ্ৰটোই অসমৰ কৃষিক্ষেত্রক বিশেষভাৱে শক্তিশালী কৰ...

November 24, 2025 5:43 PM

views 86

ৰঙিয়াত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়াত কেইবাটাও অনুষ্ঠান উদ্বোধন কৰা লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰঙিয়াৰ লোকনিৰ্মাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় আৰু অতিথিশালা মুকলি কৰাৰ লগতে নতুনকৈ সাজি উলিওৱা ক্লক টাৱাৰো উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। আজি এই আঁচনিৰ জৰিয়তে প্রায় ৩৩ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰা হয়। অহা জানুৱাৰী মাহৰ ভিতৰত এই আঁচনিত ৩২ লা...

November 20, 2025 9:24 PM

views 74

চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি আয়োজিত এটা অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ ৪ গৰাকী, স্নাতক শিক্ষকৰ ১৭৭ গৰাকী, নিম্ন প্রাথমিক বিদ্যালয়ৰ ৯৮ গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৯৮ গৰাকী শিক্ষক আছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে এ...

November 20, 2025 8:55 PM

views 63

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ’ব

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত পৰহিলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সেইদিনা সন্ধিয়া ৬ বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হ'ব...

November 18, 2025 1:12 PM

views 77

অসমলৈ ২০২৭ চনত প্ৰদৰ্শনৰ বাবে অনা হ’ব ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ

■ অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ ২০২৭ চনত অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত কালি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত চুক্তি সম্পন্ন হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংগ্ৰহালয়ৰ কৰ্তৃপক্ষৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰে। শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনাৰ সহযোগীসকলে সৃষ্টি কৰা এই আপুৰুগীয়া বস্ত্ৰখন লণ্ডনৰ সংগ্ৰহালয়ৰ পৰা অসমত ডেৰ বছৰৰ বাবে প্ৰদৰ্শন কৰিবলৈ অনা হ'ব। ইয়াৰ আগেয়ে খানাপাৰাত ইতিমধ্যে চৰকাৰে আবণ্টন দিয়া ভূমিত জে ডব্লিউ এছ ফাউণ্ডেচনে এটা অত্যাধুনিক সংগ্রহালয় গঢ...

November 17, 2025 7:23 PM

views 186

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন

অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন হয়। অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীয়ে এই আলোচনাৰ বাবে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বেই ইয়াৰ ফলত প্ৰজন্মৰ পাছত প্ৰজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে ঐতিহ্যপূৰ্ণ বৃন্দাবনী বস্ত্ৰখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি উল্লেখ কৰে। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ...

November 17, 2025 6:08 PM

views 78

ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপত ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ’বঃ মুখ্যমন্ত্ৰী

ড° ভূপেন হাজৰিকাৰ বছৰযোৰাকৈ জন্ম শতবৰ্ষ অনুষ্ঠান উদযাপন হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপতে ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা অনুসৰি কিংবদন্তি সাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁ জন্মস্থানৰ সমীপতে প্ৰতিমূৰ্তিটো স্থাপন কৰা হ'ব বুলি জনাইছে।

November 11, 2025 6:09 PM

views 57

কামৰূপ জিলাৰ মুঠ ৪,৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

ধৰতি আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কামৰূপ জিলাৰ মুঠ ৪ হাজাৰ ৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ কৰে। বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ এই লোকসকলক ভূমি স্বত্ব পত্র প্ৰদান কৰি জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এয়া অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে বি টি চি, কাৰ্বি আংলঙকে ধৰি বিভিন্ন স্থানত জনজাতীয় লোকসকলে সম্প্রতি ভূমিৰ অধিকাৰ লাভ কৰিছে। অসমৰ...

November 4, 2025 11:02 AM

views 361

■ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ

■ স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে সহায় কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ বাবে সহযোগিতা আগবঢ়াবলৈ কালি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীসকলে স্নাতক ডিগ্রী লাভ কৰাৰ পাছত বিভিন্ন মানসিক কাৰণত পিতৃ-মাতৃৰ পৰা ধন ল’বলৈ কুণ্ঠাবোধ কৰে। যু...