July 13, 2024 9:32 AM

views 34

আজি ৭ খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা

● সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা আজি অনুষ্ঠিত হ'ব। পশ্চিমবংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগ্‌দা আৰু মাণিকতোলা, হিমাচল প্ৰদেশৰ দেহেৰা, হমিৰপুৰ আৰু নালাগড়, উত্তৰাখণ্ডৰ বদ্রীনাথ আৰু মংলোৰ, বিহাৰৰ ৰূপৌলি, মধ্যপ্ৰদেশৰ অমৰৱাড়া, তামিলনাডুৰ ৱিক্ৰৱন্দি আৰু পাঞ্জাৱৰ জলন্ধৰ পশ্চিম আসনৰ বাবে বুধবাৰে ভোটগ্ৰহণ কৰা হৈছিল।

July 10, 2024 8:14 PM

views 42

দেশৰ ৭ খন ৰাজ্যৰ ১৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণ সম্পন্ন

দেশৰ ৭ খন ৰাজ্যৰ ক্ৰমে পশ্চিমবংগ, পাঞ্জাব, বিহাৰ, তামিলনাড়ু, মধ্যপ্রদেশ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ ১৩ টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ ভোটগ্রহণ সম্পন্ন হৈছে। পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে। অহা ১৩ জুলাইত উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব। তামিলনাডুৰ বিক্ৰৱন্দী সমষ্টিত ভোটদানৰ উচ্চ হাৰৰ বাতৰি পোৱা গৈছে। যোৱা ৬ এপ্ৰিলত ডি এম কেৰ বিধায়ক এন পুগাঝেনথাইৰ মৃত্যু হোৱাত আসনখন খালী হৈছিল। ২৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা এই সমষ্টিটো সন্ধিয়া ৫ বজালৈ ৭৭.৭৫ শতাংশ ভোটদান হৈছে। বিহাৰৰ পুৰ...

June 10, 2024 5:40 PM

views 42

৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়সূচী ঘোষণা

দেশৰ নিৰ্বাচন আয়োগে ৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়সূচী ঘোষণা কৰিছে। ১৩টা বিধানসভা সমষ্টিৰ ভিতৰত পশ্চিমবংগৰ ৪টা, হিমাচল প্ৰদেশৰ ৩টা, উত্তৰাখণ্ডৰ দুটা আৰু বিহাৰ, তামিলনাড়ু, মধ্যপ্রদেশ, পঞ্জাবৰ এটাকৈ সমষ্টি আছে। নির্বাচন আয়োগে জনোৱা মতে এই বিধানসভা সমষ্টিকেইটাৰ অহা ১০ জুলাইত ভোটগ্রহণ অনুষ্ঠিত হ'ব আৰু ১৩ জুলাইত ভোটগণনা কৰা হ'ব।