July 20, 2026 10:35 AM

views 16

আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰত ভক্তৰ পূজা-অৰ্চনা

আজি পৱিত্র শাওণ মাহৰ প্ৰথমটো সোমবাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰত এই উপলক্ষে পুৱাৰেপৰা ভক্তসকলে পূজা-অৰ্চনাৰ বাবে সমৱেত হৈছে। জনবিশ্বাস অনুসৰি মহাদেৱৰ আশিস লাভৰ বাবে এই বিশেষ দিনটোত শিৱলিংগত জল আৰু নৈবেদ্য অৰ্পণ কৰা হয়। গোৱালপাৰা জিলাৰ ঐতিহাসিক পাগলাৰটেক শিৱমন্দিৰত পুৱতি নিশাৰে পৰা ভক্তসকলে পূজা-অৰ্চনা কৰিছে। প্ৰবাদমতে চান্দ সদাগৰৰ দিনৰ পৰাই ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত পূজা-অৰ্চনা চলি আহিছে। গুৱাহাটীৰ শুক্ৰেশ্বৰ দেৱালয়, বশিষ্ঠাশ্ৰম, পামহিৰ ভীমাশংকৰ মন্দিৰ, তেতেলিয়াৰ সোমনাথ মন্দিৰকে ধ...