August 18, 2024 8:20 PM

views 48

বাংলাদেশ চৰকাৰৰ মাংকিপক্স ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেশসমূহৰ পৰা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত

বাংলাদেশ চৰকাৰে মাংকিপক্স ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেশসমূহৰ পৰা অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত দেশখনে এই সিদ্ধান্ত গ্রহণ কৰিছে। বাংলাদেশৰ ঢাকাৰ হজৰত শ্বাহ জালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এনে যাত্ৰীসকলৰ শৰীৰৰ তাপমাত্রা জোখাৰ ব্যৱস্থা কালি আৰম্ভ কৰা হৈছে তদুপৰি কোনো যাত্ৰীৰ শৰীৰত এনে লক্ষণ পৰিলক্ষিত হ'লে স্বাস্থ্য বিভাগক জনাবলৈ তথা সতৰ্ক হৈ থাকিবলৈ বিমান সংস্থাসমূহলৈ নিৰ্দেশ দিয়া হৈছে। বিমান বন্দৰৰ বিষয়াই...

August 13, 2024 3:20 PM

views 64

দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়ঃ মহম্মদ তৌহিদ হুছেইন

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কৈছে যে দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দ্বিপাক্ষিক সম্পর্ক এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ই পৰস্পৰ স্বাৰ্থৰ ওপৰত আধাৰিত। মহম্মদ হুছেইনে ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্ত প্রণয় বার্মাকে ধৰি অন্যান্য কূটনীতিকসকলৰ সৈতে হোৱা কথা-বতৰাৰ পাছত সংবাদকর্মীসকলৰ আগত এই মন্তব্য কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ভাৰতৰ বাংলাদেশৰ সৈতে যি...

August 8, 2024 6:36 PM

views 49

বাংলাদেশত আজি মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনৰ শপতগ্ৰহণ

বাংলাদেশত নবেল বঁটা প্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব। কালি এখন সংবাদ মেলত দেশখনৰ সেনাপ্রধান ৱাকাৰ-উজ-জামানে এই কথা সদৰি কৰে। তেওঁ দেশখনৰ পৰিস্থিতি অহা তিনি-চাৰি দিনৰ ভিতৰত স্বাভাৱিক হ'ব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ কয় যে বিগত কিছুদিনত সংঘটিত অপৰাধমূলক ঘটনাসমূহৰ সৈতে জড়িত থকা লোকসকলক সাৰি যাবলৈ দিয়া নহ'ব আৰু সেইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

August 6, 2024 8:36 PM

views 54

সম্প্রতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছেঃ বিদেশ মন্ত্ৰী জয়শংকৰ

ভাৰতে বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে কূটনৈতিক মিছনৰ জৰিয়তে দেশখনত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি সংসদৰ উভয় সদনত নিজাববীয়াকৈ বিবৃতি দি কয় যে সম্প্রতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছে। তেওঁ কয় যে, ঢাকাত থকা উচ্চ আয়োগৰ পৰামৰ্শমৰ্মে যোৱা মাহত ভালেসংখ্যক বিদ্যার্থী ভাৰতলৈ উভতি আহিছে। নতুন দিল্লী মহলে দেশখনৰ সংখ্যালঘুৰ স্থিতিৰ ওপৰত নজৰ ৰাখি আছে বুলি ড০ জয়শংকৰে লোকসভা আৰু ৰাজ্যসভাক অৱগত কৰে। তেওঁলোকৰ ...

August 6, 2024 12:53 PM

views 50

বাংলাদেশত তৎকালীনভাৱে এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ব বুলি ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ ঘোষণা

মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে বিশেষ সংৰক্ষণক কেন্দ্ৰ কৰি বাংলাদেশত উদ্ভৱ হোৱা হিংসাত্মক বিক্ষোভৰ পাছত সংসদ ভংগ হোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত তৎকালীনভাৱে এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ'ব। দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে কালি সেনা বাহিনীৰ তিনিওটা শাখাৰ মুৰববীসকলৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু নাগৰিক সমাজৰ প্ৰতিনিধিৰ সৈতে ঢাকাৰ বংগ ভৱনত হোৱা বৈঠকৰ পাছত এই ঘোষণা কৰে। সেনা বাহিনীয়ে বাংলাদেশৰ সাম্প্ৰতিক অৰাজক পৰিস্থিতি স্বাভাৱিক কৰাৰ ব্যৱস্থা কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। এই বৈঠকতে ...

August 5, 2024 12:15 PM

views 104

ভাৰতীয় নাগৰিকসকলক বাংলাদেশলৈ যাত্ৰা নকৰিবলৈ কঠোৰ পৰামর্শ বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে বাংলাদেশত চলি থকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত দেশখনলৈ যাত্ৰা নকৰিবলৈ কঠোৰ পৰামর্শ দিছে। মন্ত্রালয়ে বৰ্তমান বাংলাদেশত থকা সকলো ভাৰতীয় নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। লগতে জৰুৰীকালীন ফোন নম্বৰৰ জৰিয়তে ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈও আহ্বান জনোৱা হৈছে ।

August 3, 2024 2:26 PM

views 47

বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনকাৰীসকলৰ কাইলৈৰ পৰা দেশজুৰি অসহযোগ আন্দোলনৰ ঘোষণা

বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনকাৰীসকলে শেহতীয়াকৈ হোৱা হত্যাৰ বিৰোধ প্ৰদৰ্শন আৰু তেওঁলোকৰ ৯ দফীয়া দাবী সন্দৰ্ভত হেঁচা প্ৰয়োগৰ উদ্দেশ্যে কাইলৈৰে পৰা দেশজুৰি অসহযোগ আন্দোলনৰ ঘোষণা কৰিছে। তেওঁলোকে আজি সমগ্ৰ দেশতে ধৰ্ণা প্ৰদৰ্শন কৰিছে। ভেদভাব প্ৰতিৰোধী ছাত্র আন্দোলনৰ দুগৰাকী সমন্বয়কে বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ জৰিয়তে কালি কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰে। সমন্বয়ক দুগৰাকীয়ে দেশৰ জনসাধাৰণক এই অসহযোগ আন্দোলন সফল কৰি তোলাৰ বাবে আহ্বান জনাইছে। প্রায় দুসপ্তাহৰ পাছত কালি দেশখনৰ বিভিন্ন অঞ্চলত প...

July 18, 2024 9:01 PM

views 51

বাংলাদেশত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ বিদেশ মন্ত্রালয়ৰ অনুৰোধ

বিদেশ মন্ত্রালয়ে বাংলাদেশত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ কৈছে। বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঢাকাত থকা ভাৰতীয় উচ্চায়োগ আৰু সহকাৰী উচ্চায়োগে জৰুৰী পৰিস্থিতৰ সন্মুখীন হ'লে আৰু সহায়ৰ আৱশ্যক হ'লে উচ্চায়োগৰ জৰুৰীকালীন নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে।

July 18, 2024 8:59 PM

views 45

বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজৰ সংঘৰ্ষত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত

বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আজি আৰক্ষী আৰু সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰ বাবে দাবী জনোৱা প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। প্ৰতিবাদকাৰীসকলে নিজৰ দাবী মানি লোৱা উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰাৰ লগতে ৰে'ল সেৱাত ব্যাঘাত জন্মায়। বাংলাদেশৰ আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনিচুল হকে চৰকাৰে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবীত নীতিগতভাৱে সন্মত আৰু প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰিবলৈ সাজু বুলি কয়।

July 15, 2024 5:58 PM

views 54

ভাৰতে তিস্তা প্ৰকল্প ৰূপায়ন কৰাটো বিচাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই কৈছে যে, তেওঁ ভাৰতে তিস্তা প্ৰকল্প ৰূপায়ণ কৰাতো বিচাৰে যিহেতু এই বিষয়টো চুবুৰীয়া দেশৰ সৈতে জড়িত। শ্ৰীমতি হাছিনাই তেওঁৰ শেহতীয়া চীন ভ্রমণ সন্দৰ্ভত ঢাকাত এখন সংবাদমেলত এটা প্ৰশ্নৰ উত্তৰত এইদৰে কয়। প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, চীনে তিস্তা প্রকল্প সন্দৰ্ভত কেতবোৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে এই বিষয়ত সম্ভাৱ্য অধ্যয়নো কৰিছে। ভাৰতেও এই ক্ষেত্ৰত প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে তিস্তা প্ৰকল্প সন্দৰ্ভত অধ্যয়ন চলাব বুলি উল্লেখ কৰি বাংলাদেশৰ প্রধানমন্ত্ৰীগৰাকীয়ে ...