September 18, 2026 7:58 PM

views 3

ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে চেমিকণ্ডাক্টৰ উদ্যোগৰ গোলকীয় প্রেক্ষাপটত ভাৰত অন্যতম বিশ্বাসী অংশীদাৰৰূপে উজলি উঠা বুলি মন্তব্য কৰিছে

ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণবে চেমিকণ্ডাক্টৰ উদ্যোগৰ গোলকীয় প্রেক্ষাপটত ভাৰত অন্যতম বিশ্বাসী অংশীদাৰৰূপে উজলি উঠা বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত ছেমিকন ইণ্ডিয়া ২০২৬ ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্রীবৈষ্ণৱে কয় যে চেমিকণ্ডাক্টৰ উদ্যোগত বিশ্বাসৰ পাত্ৰ হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ কাৰক। বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্রতিষ্ঠানসমূহে ভাৰততে সামগ্ৰীৰ আৰ্হি প্ৰস্তুত কৰি উৎপাদন কৰাৰ সূচল পৰিবেশ সৃষ্টি কৰা আৰু সেইসমূহৰ বৌদ্ধিক সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্বাসেই মূল ...