April 4, 2024 9:01 PM

views 63

মাছৰ বংশবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে বিটিআৰত মাছ ধৰাত নিষেধাজ্ঞা

♦ বিটিচি প্ৰশাসনৰ মীন বিভাগে মাছৰ বংশবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে বিটিআৰত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে আজি তামুলপুৰ জিলা প্রশাসনেও জিলাখনত এই নিষেধাজ্ঞা জাৰি কৰে। তামুলপুৰ জিলা আয়ুক্তই প্রকাশ কৰা মতে জিলাখনত আঢ়ৈ বৰ্গ ইঞ্চিতকৈ কম ব্যাসাৰ্ধৰ যিকোনো জালৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। লগতে কণী থকা মাছ ধৰাৰ ক্ষেত্ৰতো প্রতিবন্ধকতা আৰোপ কৰা হৈছে।

April 4, 2024 8:58 PM

views 74

ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে ফাঁচী বজাৰত অভিযান

♦ ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে আজি মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে মহানগৰীৰ ফাঁচী বজাৰত অভিযান চলায়। অভিযানকাৰী দলটোৱে কেইবাখনো দোকানৰ পৰা ৫৮ খন মেচিনত বোৱা গামোচা জব্দ কৰে। উল্লেখযোগ্য যে, অসমীয়াৰ গামোচাখনে ভৌগোলিক মান্যতা লাভ কৰাৰ পাছতো একাংশ অসাধু ব্যৱসায়ীয়ে ৰঙালী বিহুৰ সুযোগ লৈ মেচিনত বোৱা গামোচা বিক্ৰী কৰি আহিছে। বিভাগীয় এটা সূত্ৰই জনোৱা মতে গণেশগুৰি, ফাঁচী বজাৰ আদিত অভিযান চলাই এতিয়ালৈ মুঠ ৩৫০ খন মেচিনত বোৱা গামোচা জব্দ কৰে।

April 4, 2024 8:55 PM

views 93

APSC: ২০১৩ বৰ্ষৰ পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শীঘ্ৰেই প্রতিবেদন দাখিল কৰিব

অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শীঘ্ৰেই প্রতিবেদন দাখিল কৰিব। এখন বাজহুৱা স্বার্থ জড়িত আবেদনৰ শুনানি কালত চৰকাৰী অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত এই কথা অৱগত কৰে। অধিবক্তাই লগতে আদালতক জনাই যে, চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোটে ইতিমধ্যে তদন্ত সম্পূৰ্ণ কৰিছে। সেয়েহে তদন্তৰ প্ৰতিবেদনখন দাখিল কৰাৰ বাবে চৰকাৰী অধিবক্তাই আদালতৰ পৰা সময় বিচাৰে। ফলত ন্যায়ালয়ে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ২২ এপ্রিল ধাৰ্য কৰিছে।

April 4, 2024 8:45 PM

views 82

নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীসকলে নিৰ্বাচনৰ দিনটোত মৰগীয়া বানচ লাভ কৰিবঃ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেল

◊ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কৈছে যে, এইবাৰ নিৰ্বাচনত নিয়োজিত হ'বলগীয়া কৰ্মচাৰীসকলে নিৰ্বাচনৰ দিনটোৰ বাবে মৰগীয়া বানচ লাভ কৰাৰ উপৰি পৰিবহনৰ সুবিধা আৰু থকা খোৱাৰ ব্যৱস্থা লাভ কৰিব। তেওঁ লগতে কয় যে, নির্বাচনী দায়িত্বত নিয়োজিত ব্যক্তি যদি কিবা কাৰণত অসুস্থ হয় তেন্তে তেওঁলোকক আয়ুষ্মান ভাবত জন আৰোগ্য যোজনাৰ অধীনত বিনামুলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব। নির্বাচনী দায়িত্বত নিয়োজিত কোনো ব্যক্তিৰ দুৰ্ঘটনাগ্ৰস্ত হ'লে বা তেওঁলোকৰ প্রাণহানি হলেও তৎকালিনভাৱে পৰিয়ালক সাহায্য দিয়া...

April 4, 2024 6:53 PM

views 68

অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। এই পৰ্যায়ত ৫টা সমষ্টিক সামৰি লোৱা হ'ব। ৰাজ্যৰ পৰিবহন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মল্লা আৰু দিলীপ শ‍ইকীয়াই এই পর্যায়ত বিজেপিৰ হৈ প্রতিদ্বন্দ্বিতা কৰিছে। কংগ্ৰেছে নগাঁও আসনখনৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈক পুনৰ প্ৰাৰ্থীত্ব দিয়াৰ লগতে বড়োলেণ্ড পিপলছ ফ্রণ্টে বিধায়ক দুৰ্গাদাস বড়োক এই পৰ্যায়ৰ বাবে দলৰ টিকট প্ৰদান কৰিছে। এ আই ইউ ডি এফ আৰু তি এম চিয়েও দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলীয় প্রার্থী থিয...

April 4, 2024 1:23 PM

views 88

অভয়াপুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ২৫ টা হেৰ’ইন ভর্তি কণ্টেইনাসহ এটা সৰবৰাহকাৰীক আটক

♦ বঙাইগাঁও জিলাৰ অভয়াপুৰীত কালি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ২৫ টা হেৰ'ইন ভর্তি কণ্টেইনাসহ এটা সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীটো অভয়াপুৰীৰ ডুমুৰীয়া তৃতীয় খণ্ডৰ জাকিৰ আলী বুলি জানিব পৰা গৈছে। আনহাতে, নগাঁৱৰ ৰূপহীহাটত আৰক্ষীয়ে অভিযান চলাই তিনিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ মণিৰুদ্দিন নামৰ সৰবৰাহকাৰীক আটক কৰে। ইফালে, লোকসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে কালি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা ম...

April 4, 2024 1:19 PM

views 66

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱসঃ কটন বিশ্ববিদ্যালয়ত অনুষ্ঠানৰ আয়োজন

♦ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সন্ধিয়া ৫ বজাৰ পৰা এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷

April 4, 2024 11:54 AM

views 135

আগন্তুক ৫ দিনত দেশৰ পূৱ আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থকাৰ সম্ভাৱনা

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৫ দিনত দেশৰ পূৱ আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত কৰ্ণাটকৰ উত্তৰ অংশৰ দুৰ্গম এলেকা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল, ঝাৰখণ্ড, ওড়িশা, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলসমূহত গ্রীষ্ম প্রবাহ থকাৰ আশংকা আছে। বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৩ দিনত পূৱ ভাৰতৰ ভালেমান ঠাইত সর্বোচ্চ তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী ছেলচিয়াচ বৃদ্ধি পাব পাৰে বুলি পূর্বানুমান প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে উত্তৰ-পূৰ্বাঞ্চলত ...

April 3, 2024 8:37 PM

views 77

বৰ্তমানলৈকে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল

♦ ৰাজ্যত ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি দেশৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৱায়নাড সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। ইফালে, ৰাজ্যখনত আজি পুনৰ ১৩ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াকে লৈ এই পর্যন্ত দ্বিতীয় পৰ্যায়ৰ বাবে ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপিৰ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী কৃপানাথ মল্লা আৰু শিলচৰ সমষ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত ...

April 3, 2024 8:32 PM

views 111

ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়াক পদৰ পৰা অপসাৰণ

♦ ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়া দুগৰাকীক আজি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই পদৰ পৰা অপসাৰণ কৰে৷ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই ওদালগুৰি জিলাৰ নিৰ্বাচনী বিষয়া কুলভূষণ পেগু আৰু মঙলদৈৰ নিৰ্বাচনী বিষয়া দেৱাশীষ বৰঠাকুৰক পদৰ পৰা অপসাৰণ কৰে। একেটা আদেশযোগে ওদালগুৰি জিলাৰ অতিৰিক্ত আয়ুক্ত ছৰফৰাজ হকক জিলাখনৰ নিৰ্বাচনী বিষয়া আৰু দৰঙৰ অতিৰিক্ত জিলা আয়ুক্ত মানস কুমাৰ শ‍ইকীয়াক মঙলদৈৰ ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।