◊ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কৈছে যে, এইবাৰ নিৰ্বাচনত নিয়োজিত হ’বলগীয়া কৰ্মচাৰীসকলে নিৰ্বাচনৰ দিনটোৰ বাবে মৰগীয়া বানচ লাভ কৰাৰ উপৰি পৰিবহনৰ সুবিধা আৰু থকা খোৱাৰ ব্যৱস্থা লাভ কৰিব। তেওঁ লগতে কয় যে, নির্বাচনী দায়িত্বত নিয়োজিত ব্যক্তি যদি কিবা কাৰণত অসুস্থ হয় তেন্তে তেওঁলোকক আয়ুষ্মান ভাবত জন আৰোগ্য যোজনাৰ অধীনত বিনামুলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ’ব। নির্বাচনী দায়িত্বত নিয়োজিত কোনো ব্যক্তিৰ দুৰ্ঘটনাগ্ৰস্ত হ’লে বা তেওঁলোকৰ প্রাণহানি হলেও তৎকালিনভাৱে পৰিয়ালক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | April 4, 2024 8:45 PM | Assam | Assam Election | Assamese News | CEO Assam | Lok Sabha Elections 2024 | Political
নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীসকলে নিৰ্বাচনৰ দিনটোত মৰগীয়া বানচ লাভ কৰিবঃ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেল