December 30, 2024 12:33 PM

views 70

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম

বছৰটোৰ অন্তিমটো দেওবাৰত কালি বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজথলী বনভোজকাৰী দলেৰে ভৰি পৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলসমূহে মানাহৰ নাৰায়ণগুৰিত থকা বেকী নৈত নৌকা বিহাৰ কৰি আনন্দ-উল্লাস কৰে বুলি বাক্সা জিলাৰ সংবাদদাতাই জনাইছে।ইফালে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহতো কালি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ কেইবাটাও অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশত আত্মীয়, বন্ধু-বান্ধৱৰ সৈতে ভালেসংখ্যক লোকে বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটিৰ চূণশালি, ব...

December 30, 2024 12:29 PM

views 90

পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ ৰাজ্যিক নির্বাচন আয়োগৰ

ৰাজ্যিক নির্বাচন আয়োগে ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ কৰিছে। ষষ্ঠ অনুসূচীৰ এলেকা আৰু পৌৰ নিগমৰ এলেকাসমূহক বাদ দি এই তালিকা প্ৰকাশ কৰা হৈছে। ২৭ খন জিলাত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মুঠ ভোটদাতাৰ সংখ্যা ১ কোটি ৮০ লাখ ১৪ হাজাৰ ৯১৩। ইয়াৰে ৯০ লাখ ৬০ হাজাৰ ৬৪০ জন পুৰুষ আৰু ৮৯ লাখ ৫৩ হাজাৰ ৮৬৫ গৰাকী মহিলা ভোটদাতা। লগতে ৪০৮ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ভোটদাতাসকলে ৩৫৭ খন জিলা পৰিষদ, ১...

December 28, 2024 10:09 PM

views 76

শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰাংগণত ৩দিনীয়া কাৰ্যসূচীৰে সদৌ অসম কবি সন্মিলনত সপ্তদশ দ্বি-বার্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত

শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম কবি সন্মিলনত সপ্তদশ দ্বি-বার্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনা মহাবিদ্যালয় প্ৰাংগণত এই উপলক্ষে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। পুৱাৰ ভাগত সদৌ অসম কবি সন্মিলনৰ ৩৭ খন পতাকা একেলগে উত্তোলন কৰা হয়। সন্মিলনৰ পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে আজিয়েই সভাপতি আৰু প্ৰধান সম্পাদক নিৰ্বাচিত কৰা হয়

December 28, 2024 7:56 PM

views 56

অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান

৬ গৰাকী খেলুৱৈক এন আৰ এল-অইল বঁটা প্ৰদান ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিগত বছৰবোৰৰ দৰে আজি বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে৷ আজি ৰুদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এনআৰএল-অইল বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ ৬ গৰাকী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈক বঁটাৰ লগতে চেক প্ৰদান কৰা হয়৷ বঁটা প্ৰদান কৰা খেলুৱৈসকল হ’ল ক্ৰমে ৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্য, ৰাষ্ট্ৰীয় সাঁতোৰ খেলুৱৈ জনঞ্জয় জ্যোতি হাজৰিকা, ৰাষ্ট্ৰীয় ট্ৰায়থলন খেলুৱৈ দেৱিকা শৰ্...

December 24, 2024 3:53 PM

views 61

এইবাৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ পৰা প্রতীকপট নাথাকিব

নতুন দিল্লীৰ কৰ্তব্য পথত হ’বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত এইবাৰ অসমৰ পৰা প্রতীকপট নাথাকিব। অৱশ্যে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত প্রদর্শনীত বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে স্বীকৃত অসমৰ চৰাইদেউ মৈদামে স্থান লাভ কৰিব। ইয়াৰ বাবে প্ৰাৰম্ভিক প্রস্তুতি অব্যাহত আছে বুলি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে প্ৰকাশ কৰিছে। আৱৰ্তমান প্রক্রিয়া বা ৰ'টেশ্যনৰ ভিত্তিত পৰৱৰ্তী ২০২৬ বৰ্ষৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্ৰতীকপট অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি সাংস্কৃতিক বিভাগৰ সূত্ৰই প্ৰকাশ কৰে।

December 24, 2024 8:54 AM

views 60

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ আসন্ন নির্বাচনৰ ৩২ টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ আসন্ন নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে পৰিষদৰ অধীনৰ ৩২ টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰিছে। আয়োগে সদৰি কৰা তথ্য অনুসৰি উজনি অসমৰ ৭ খন জিলাৰ ৩২ টা সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা ২ লাখ ৯৩ হাজাৰ ৯১৪। ইয়াৰে ১ লাখ ৪৫ হাজাৰ ৩০৭ জন পুৰুষ আৰু ১ লাখ ৪৮ হাজাৰ ৬০৬ গৰাকী মহিলা ভোটদাতা আছে।

December 19, 2024 8:16 PM

views 56

দক্ষিণ শালমৰা মানকাচৰৰ সাহাপাৰাত সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ

দক্ষিণ শালমৰা মানকাচৰৰ সাহাপাৰাত থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত আজি ৪৫ নম্বৰ বেটেলিয়নে দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। এই শিবিৰত সীমান্তৱৰ্ত্তী গাঁৱৰ ৫০০ৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয় । সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ সৈতে সীমান্ত সুৰক্ষা বাহিনীয়ে সুসম্পৰ্ক ৰক্ষা বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে এই স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এনে পদক্ষেপসমূহৰ জৰিয়তে বাহিনীটোৱে সীমান্ত অঞ্চলত বিভিন্ন অপৰাধমূলক কাৰ্য প্ৰতিহত কৰি আহিছে।

December 19, 2024 8:13 PM

views 82

ওদালগুৰিৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু ৯৮ সংখ্যক ওপজা দিন পালন

ওদালগুৰি জিলাৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আজি সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু তেওঁৰ ৯৮ সংখ্যক ওপজা দিন পালন কৰা হয়। প্রয়াত মহন্তই স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত বৰঙাজুলি সত্ৰত মাত্ৰ বড়ো জনগোষ্ঠীৰ সত্ৰাধিকাৰ আছিল। পুৱাৰ ভাগৰ অনুষ্ঠানৰ পাছত পুৰী প্ৰকল্পৰ সভানেত্রী কণিকা পাঠকক ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান কৰা হয়।

December 19, 2024 8:11 PM

views 71

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত কোকৰাঝাৰত উপস্থিত হোৱা বিধানসভাৰ প্রতিনিধি দলৰ বিটিচি সচিবালয় পৰিদৰ্শন

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত কালি কোকৰাঝাৰত উপস্থিত হোৱা বিধানসভাৰ প্রতিনিধি দলটোৱে আজি কোকৰাঝাৰত থকা বিটিচি সচিবালয় পৰিদৰ্শন কৰে। দলটোৱে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, বিটিচি বিধায়িনী পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত অহা বছৰৰ ফেব্ৰুৱাৰীত কোকৰাঝাৰত হ'বলগীয়া এদিনীয়া বাজেট অধিৱেশনৰ প্রস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। ১১ গৰাকী বিধায়কসহ এই দলটোক বিটিআৰৰ মুৰববী প্রমোদ বড়োৱে আদৰণি জনায়। তেওঁ লগতে কোকৰাঝাৰত এদিন...

December 19, 2024 5:49 PM

views 70

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰে যুটীয়া অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰ সৈতে যুটীয়াভাৱে চলোৱা অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা এজন অভিযুক্ত বাংলাদেশী নাগৰিক বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰঘাত নামৰ অভিযানৰ অধীনত চোৰাংচোৱাৰ তথ্যৰ পম খেদি আৰক্ষীয়ে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ প্রতিহত কৰাৰ চেষ্টা চলায়। আজি গুৱাহাটীৰ উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিঙে আৰক্ষী মহাপৰিদৰ্শক পার্থসাৰথি মহন্তৰ উপ...