April 1, 2024 8:50 PM

views 31

২৬ এপ্ৰিলত ৰাজ্যত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

♦ দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্ৰিলত হবলগীয়া নিৰ্বাচনৰ বাবে আজি ৰাজ্যত দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াৰ ভিতৰত এগৰাকী শিলচৰৰ আৰু আনগৰাকী নগাওঁ সমষ্টিৰ প্ৰাৰ্থী। উল্লেখযোগ্য যে, এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৪ এপ্রিল ধাৰ্য কৰা হৈছে। আনহাতে, মনোনয়ন পত্র প্ৰত্যাহাৰৰ শেষ দিন অহা ৮ এপ্রিল। এই পর্যায়ত নিৰ্বাচন হ'বলগীয়া দৰং-ওদালগুৰি, ডিফু-কৰিমগঞ্জ, শিলচৰ আৰু নগাওঁ সমষ্টিত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আনহাতে জিলাকেইখনৰ প্ৰশাসনসমূহেও নিৰ্বাচনৰ ...

April 1, 2024 8:37 PM

views 94

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থকাৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুই তিনিদিনলৈকে ধুমুহা-বৰষুণৰ লগতে শিলাবৃষ্টিও হ'ব বুলি বিভাগে প্ৰকাশ কৰিছে। হিমালয়ৰ পশ্চিমাঞ্চলত হোৱা বতৰৰ পৰিৱৰ্তনৰ ফলত অহা ৫ এপ্ৰিললৈকে উত্তৰ পূব ভাৰতৰ বতৰ শোচনীয় হৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। বিভাগৰ মতে, জম্মু-কাশ্মীৰ, লাডাখ, মুজ্জাফৰবাদ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত বতৰৰ এনে অৱস্থা ৬ এপ্ৰিল...

April 1, 2024 6:52 PM

views 84

লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

আসন্ন লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে পূৰ্ণ গতিৰে প্ৰস্তুতি চলাইছে। প্রিজাইডিং আৰু প্ৰথম প’লিং বিষয়াসকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত আজি দ্বিতীয় আৰু তৃতীয় প'লিং বিষয়াসকলক প্রশিক্ষণ দিয়া হয়। আনহাতে নির্বাচনী প্রক্রিয়া সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰাৰ বাবে ডিমৌ বিধানসভা সমষ্টি আৰু শিৱসাগৰ বিধানসভা সমষ্টিত ১০৫ গৰাকী সূক্ষ্ম পৰ্যৱেক্ষক নিয়োজিত কৰা হৈছে। এই পৰ্যৱেক্...

April 1, 2024 6:50 PM

views 87

লোকসভা নির্বাচন সন্দৰ্ভত বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্রমোদ বড়োৰ সংবাদমেল

তামুলপুৰৰ সৌৰাগুৰিস্থিত বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্রমোদ বড়োৱে সমাগত লোকসভা নির্বাচন সন্দৰ্ভত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰে। বিৰোধী দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে, তেওঁলোকৰ শাসনকালত অসম তথা বি টি আৰৰ উন্নয়ন হোৱাৰ পৰিৱৰ্তে হত্যা, হিংসা আৰু বৃহৎ দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছিল। সংবাদমেলত তেওঁ দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত এন ডি এ প্ৰাৰ্থীৰ জয় নিশ্চিত হোৱাৰ কথাও উল্লেখ কৰে। ইফালে বাক্সা জিলাৰ শালবাৰীত আজি বি টি আৰৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে এন ডি এৰ ১...

April 1, 2024 6:31 PM

views 96

ৰাজ্যৰ ভিন্ন প্ৰান্তত দেওবাৰে শিলাবৃষ্টি আৰু ধুমুহাত বিস্তৰ ক্ষতি

ৰাজ্যৰ ভিন্ন প্ৰান্তত কালি অহা শিলাবৃষ্টি আৰু ধুমুহাই বিস্তৰ ক্ষতি কৰিছে। ধুমুহা, বজ্ৰপাত আৰু নাও দুৰ্ঘটনাত চাৰি গৰাকী লোকৰ মৃত্যু হৈছে। কাছাৰ, পূব কাৰ্বি আংলং, ওদালগুৰি আৰু দক্ষিণ শালমাৰাত এগৰাকীকৈ লোকৰ প্রাণহানি হৈছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুই তিনিদিনলৈকে ধুমুহা-বৰষুণৰ লগতে শিলাবৃষ্টিও হ'ব বুলি বিভাগে প্ৰকাশ কৰিছে। হিমালয়ৰ পশ্...

April 1, 2024 1:07 PM

views 188

অসমৰ ১৯ বিধ সামগ্ৰীৰ জি আই টেগ লাভ, ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তিঃ মুখ্যমন্ত্ৰী

অসমৰ ১৯ বিধ সামগ্ৰীয়ে ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগ লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তি বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, অসমৰ বিহু ঢোল, জাপি, মিচিং হস্ত-তাঁত সামগ্রী, পানী মেটেকা শিল্প আৰু আশাৰীকান্দিৰ পোৰামাটিৰ শিল্পলৈ জি আই টেগ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে বড়ো সকলৰ ১৩ বিধ বস্ত্ৰ আৰু বাদ্যয়ো জি আই টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। সেইসমূহ হৈছে- দখনা, চিফুং, এৰী কাপোৰ, জৌমগ্রা, বাড়ো গামচা, কোডাপিনি, ...

April 1, 2024 12:20 PM

views 86

মণিপুৰৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন

মণিপুৰৰ বিভিন্ন প্ৰান্তত কালি হোৱা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি হোৱাৰ ফলত থাউবালৰ সাপাম লেইকেই আৰু খংজম গাঁৱৰ কেইবাটাও বাসগৃহ, ভৱন তথা বহু খেতিপথাৰ ক্ষতিগ্রস্ত হয়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত হোৱা মুষলধাৰ বৰষুণৰ ফলত অঞ্চলটোৰ আন্তঃগাঁথনি ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। গুৱাহাটী বিমানবন্দৰৰ মুধুচৰ এটা অংশ কালি বৰষুণৰ ফলত ভাঙি পৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৪ এপ্ৰিললৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত বিজুলী-ঢেৰেকণিৰে মজলীয়াৰ পৰা মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

March 31, 2024 9:09 PM

views 148

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ লক্ষ্যৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীত প্ৰচাৰ চলাব। নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে তেওঁ আজি মাজুলীৰ গড়মূৰৰ কাছাৰী ময়দানত উপস্থিত হয়। তেওঁ কাইলৈ গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰিচুকলৈ প্ৰায় ১৫ কিঃমিঃ চাইকেল ৰেলীত অংশ ল'ব। মাজুলীত উপস্থিত হৈ তেওঁ পোনে পোনে চেলেক-ধুনাগুৰি-লখিমপুৰ সং...

March 31, 2024 8:48 PM

views 96

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা শিলাবৃষ্টিত বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিয়লিৰ ভাগত অহা এজাক ধুমুহা শিলাবৃষ্টিয়ে বিভিন্ন অঞ্চলত ক্ষতি কৰিছে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ বিভিন্ন স্থানত আজি বিয়লি প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত উজান বাঁহবাৰী, আওহাটা, ৰাজাবিল অঞ্চলি, জালাহ শিমলাকে ধৰি কেবাটাও স্থানত বিস্তৰ ক্ষতি হৈছে। এই অঞ্চলসমূহৰ কেইবাটাও বাসগৃহৰ টিনপাত ফুটি যোৱাৰ লগতে ভালেসংখ্যক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাগি পৰা বুলিও জানিব পৰা গৈছে। কোনো কোনো ঠাইত গছ গছনি উভালি পৰাৰ ফলত বিদ্যুৎ সেৱা আৰু পথ যোগাযোগো ব্যাহত হৈছে। ইপিনে, যোৰহাট জি...

March 30, 2024 9:45 PM

views 95

ৰাজ্যত ৩টা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰশিক্ষণৰ লগতে ভোটাৰ সজাগতা অভিযান

ৰাজ্যত ৩টা পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে তৎপৰতা গ্ৰহণ কৰিছে । গোলাঘাট জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি কাজিৰঙা লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল প্ৰাৰ্থীসকলৰ প্ৰতীক চিহ্ন আৱণ্টন প্রক্রিয়া সম্পন্ন হয়। উল্লেখযোগ্য যে এই সমষ্টিটোৰ বাবে ১১ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। প্ৰাৰ্থী আৰু প্ৰতিনিধিসকলৰ উপস্থিতিত সমষ্টিটোৰ ৰিটার্ণিং বিষয়া ডা০ পি উদয় প্রবীণে নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ নামত আৱণ্টিত প্রতীক চিহ্নসমূহ ঘোষণা কৰে। ইয়াৰ লগতে সংসদীয় সমষ্টিটোৰ প...