September 9, 2026 11:06 AM
20
অসম-মেঘালয়ৰ পৰ্যটক টেক্সি সংস্থাৰ মাজৰ অচলাৱস্থাৰ চূড়ান্ত অৱসানৰ পথ প্রশস্ত
শ্বিলঙত যোৱা ১৯ আগষ্টত সংঘটিত হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি অসম আৰু মেঘালয়ৰ পৰ্যটক টেক্সি সংস্থাৰ মাজত সৃষ্টি হোৱা অচলাৱস্থাৰ চূড়ান্ত অৱসানৰ পথ প্ৰশস্ত হৈছে। শ্বিলঙত কালি পৰিবহণ বিভাগৰ দায়িত্বত থকা মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাৰ সহ-অধ্যক্ষতাত দুয়োখন ৰাজ্যৰ টেক্সী চালক সংস্থাৰ অংশগ্রহণেৰে অনুষ্ঠিত বৈঠকত সর্বসন্মতভাবে এই সংঘাতৰ অন্ত ঘোষণা কৰা হয়। আলোচনাৰ সিদ্ধান্তমৰ্মে পূৰ্বৰ দৰেই অসমৰ টেক্সি শ্বিলঙকে ধৰি মেঘালয়ত চলাচল কৰিব। মেঘালয়ৰ টেক্স...