June 25, 2024 1:13 PM

views 53

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৯খন জিলাৰ ২২ টা ৰাজহ চক্ৰৰ ৭৯৩ খন গাঁৱৰ ২ লাখ ৪ হাজাৰ ৮৯৬ গৰাকী লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত ১৭ হাজাৰৰো অধিক পশুধনৰ ক্ষতি হৈছে। আনহাতে, এই বানত ৪ হাজাৰ ২৭৪ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈ আছে। বানৰ কবলত পৰা লোকৰ বাবে ১০৭টা আশ্রয় শিবিৰ আৰু ১০৪টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। ইফালে, কুশিয়াৰা নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰত বৈ আছে। কালি কাছাৰ জিলাৰ এজন লোকৰ বানপানীত মৃত্যু হয়। ইফালে জলসম্পদ বিভাগ আৰু কৰিমগঞ্জ জি...

June 23, 2024 12:20 PM

views 36

অসমৰ ১২খন জিলাৰ ৩৩ টা ৰাজহ চক্ৰৰ ১০০০ৰো অধিক গাঁও বানৰ কবলত

 বিগত কিছুদিন ধৰি ৰাজ্যত ধাৰাষাৰ বৰষুণৰ পাছত বতৰ ফৰকাল হৈছে যদিও অসমৰ কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ আছে। কপিলী আৰু কুশিয়াৰাৰ লগতে কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰত আছে। শেহতীয়া তথ্য অনুসৰি ১২খন জিলাৰ ৩৩ টা ৰাজহ চক্ৰৰ এহেজাৰৰো অধিক গাঁও বানৰ কবলত আছে। এই বানত ৰাজ্যৰ ৩লাখ ৫৩হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা ১২০টা আশ্রয় শিবিৰত ১৫ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। আনহাতে ১২৫ টা সাহায্য বিতৰণ কেন্দ্ৰত অত্যাৱশ্যকীয় সামগ্রী বিতৰণ কৰি থকা হৈছে। ইফালে ৰাজ্যৰ জলসম্পদ ত...

June 22, 2024 12:29 PM

views 64

ৰাজ্যৰ ১৯ খন জিলাৰ ৫০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ১৩২৫ খন গাঁও বানৰ কবলত

ৰাজ্যত বানপৰিস্থিতিৰ অধিক অৱনতি হৈছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই পর্যন্ত ১৯খন জিলাৰ ৫০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত এহেজাৰ ৩২৫খন গাঁও বানৰ কবলত পৰিছে। কামৰূপ, তামুলপুৰ, হাইলাকান্দি, ওদালগুৰি, হোজাই, ধুবুৰী, বৰপেটা, বিশ্বনাথ, নলবাৰী, বাক্সাকে ধৰি মুঠ ১৯খন জিলাৰ ৩লাখ ৯০ হাজাৰ ৪৯১ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ কবলত পৰা লোকসকলৰ আশ্ৰয় আৰু সাহায্যৰ বাবে এই পর্যন্ত ২৪৫টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। জিলা প্রশাসনসমূহে প্রায় ১৮ হাজাৰ লোকৰ মাজত সাহায্য সামগ্রী বিতৰণ...

June 21, 2024 12:37 PM

views 53

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীনঃ মুখ্যমন্ত্রী

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত কালি মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক্ষিপ্ৰতাৰে কাম কৰি আছে। নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ কেইবাখনো নৈ-উপনৈৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিলেও বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যত শেহতীয়াকৈ ২২ খন জিলা বানৰ কবলত পৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত ৬৭টা ৰাজহ চক্ৰৰ এহেজাৰ ৩০০খনৰো অধিক গাঁৱৰ ৪ লাখ ৯ হাজাৰ...

June 20, 2024 7:33 PM

views 59

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত আজি মন্তব্য কৰিছে। তেওঁ কয় যে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক্ষিপ্ৰতাৰে কাম কৰি আছে। নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ কেইবাখনো নৈ-উপনৈৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিলেও বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৰষুণ শাম কাটিলে পৰিস্থিতি উন্নত হ'ব বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যত শেহতীয়াকৈ ১৯ খন জিলা বানৰ কবলত পৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এই প...

June 19, 2024 9:26 PM

views 64

অসমত শেহতীয়া বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ লৈ বৃদ্ধি

ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে কিছুদিন ধৰি একেৰাহে হৈ থকা বৰষুণৰ ফলত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ ১৫ খন জিলাৰ কমেও ৪৭০ খন গাওঁ বানৰ কবলত পৰিছে। এই বানত ১ লাখ ৬০ হাজাৰতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৫ খন জিলাত স্থাপন কৰা ৪৩ টা আশ্রয় শিবিৰত ৫ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। জিলা প্রশাসনসমূহে প্ৰায় ১৮ হাজাৰ লোকৰ মাজত সাহায্য সামগ্রী বিতৰণ কৰিছে। ইপিনে, ৰাজ্যখনত কালি পুনৰ এজন লোকে বানৰ ফলত প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ লৈ বৃদ্ধি হৈছে। ইফালে...

June 18, 2024 5:36 PM

views 55

ৰাজ্যৰ ১৪খন জিলাৰ কমেও এক লাখ লোক বানত ক্ষতিগ্ৰস্ত

বিগত কিছু দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল প্লাবিত হৈছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধীকৰণৰ তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যৰ ১৪খন জিলাৰ কমেও এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত বৰষুণৰ ফলত বান পৰিস্থিতিৰ অবনতি ঘটিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈ ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামুলপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰ...

June 18, 2024 5:06 PM

views 71

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত এই পর্যন্ত ১৪খন জিলাৰ ১ লাখ লোক বানত ক্ষতিগ্ৰস্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। এই পর্যন্ত ৰাজ্যৰ ১৪খন জিলাৰ এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত প্রবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতি অবনতি ঘটিছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামুলপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা জিলা ব্যাপকভাৱে ক...

June 18, 2024 12:51 PM

views 79

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভালেমান অঞ্চল পুনৰ বানৰ কবলত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ বানৰ আশংকাই দেখা দিছে। বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। এই পর্যন্ত ৰাজ্যৰ ১৪ খন জিলাৰ এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত প্রবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতি অবনতি ঘটিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে । বানত তামুলপুৰ, বঙাইগাঁও, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা...

June 17, 2024 12:41 PM

views 71

ৰাজ্যৰ সাতখন জিলাৰ ৯৩ খন গাঁও বানৰ কবলত

কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই পর্যন্ত সাতখন জিলাৰ ৯৩ খন গাঁও বানৰ কবলত পৰিছে। বানৰ কবলত পৰা জিলা কেইখন হৈছে— বাক্সা, বৰপেটা, বঙাইগাঁও, ধেমাজি, গোৱালপাৰা, কৰিমগঞ্জ আৰু দক্ষিণ শালমাৰা। জিলাকেইখনত এই পর্যন্ত ৫ হাজাৰ ৯৮৫ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ কবলত পৰা লোকসকলৰ আশ্ৰয় আৰু সাহায্যৰ বাবে এই পর্যন্ত তিনিটা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। কৰিমগঞ্জত স্থাপন হোৱা আশ্রয়শিবিৰত জিলাখনৰ ৯৩০ ...