January 1, 2025 4:09 PM

views 44

আজিৰেপৰা ১০ জানুৱাৰীলৈ অন্ন সেৱা দিন পালন

খাদ্য সুৰক্ষা সুনিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনমুখী প্ৰয়াসৰ অংশ হিচাপে আজিৰেপৰা ১০ জানুৱাৰীলৈ অন্ন সেৱা দিন পালন কৰা হ'ব। এই দিনকেইটাত প্রধানমন্ত্রী গৰীৰ কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলক অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত ৩৫ কিলোগ্রামকৈ চাউল প্ৰদান কৰাৰ লগতে অগ্ৰাধিকাৰপ্ৰাপ্ত প্ৰতিটো পৰিয়াললৈ ৫ কিলোগ্রামকৈ চাউল প্রদান কৰা হ'ব। জনসাধাৰণক সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰি ৰচিদ ল'বলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে।

November 1, 2024 6:48 PM

views 89

অন্ন সেৱা দিন চলিত মাহৰ বাবে আজিৰে পৰা আৰম্ভ

খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ জনমুখী প্রয়াস অন্ন সেৱা দিন এই মাহৰ বাবে আজিৰ পৰা ১০ নৱেম্বৰলৈ আৰম্ভ কৰা হৈছে। ৰাজ্যৰ মুঠ ৬৭ লাখ ২ হাজাৰ ৫৪টা পৰিয়ালৰ ২ কোটি ৩০ লাখৰো অধিক হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰিব পাৰিব। আনহাতে, সুলভ মূল্যৰ দোকানীসকলক অন্ন সেৱা দিন সম্পর্কে ব্যাপক প্ৰচাৰ চলোৱা আৰু নিৰ্ধাৰিত দিনকেইটাত দোকান খোলা ৰাখি হিতাধিকাৰীসকলক প্ৰাপ্য চাউল বিতৰণ নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে।