October 4, 2024 2:15 PM
50
কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ’ব
প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ'ব। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা, গোলকগঞ্জ, বঙাইগাঁৱৰ অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সম-জিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপুৰ আৰু বিহালী, লখিমপুৰ জিলাৰ ঢকুৱাখনা, ধেমাজিৰ জোনাইক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। আনহাতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া সম-জিলা হ’ব। ইফালে, শিৱসাগৰৰ নাজিৰা আৰু ডিমৌ, যোৰহাটৰ ত...