July 24, 2025 8:24 PM

views 46

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ২৬ জুলাই, শনিবাৰে নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্রীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অংশগ্রহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা পৰিস্মিতা দিহিঙীয়া আৰু অৰুণিমা গোস্বামীৰ৷

July 24, 2025 8:06 PM

views 55

ইছৰ’ৰ কাৰ্যালয় পৰিদৰ্শনৰ উদ্দেশ্যে বুধবাৰে ৰাজ্যৰ ৫খন জিলাৰ ১২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ যাত্ৰা

ৰাজ্যৰ পাঁচখন জিলা-বাক্সা, চিৰাং, কোকৰাঝাৰ, নলবাৰী আৰু ওদালগুৰিৰ ১২ গৰাকী মেধাৱী ছাত্ৰ- ছাত্ৰীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা- ইছৰ'ৰ কাৰ্যালয় পৰিদৰ্শনৰ উদ্দেশ্যে কালি যাত্ৰা কৰে। ছাত্ৰ-ছাত্ৰীৰ দলটোৱে ২৬ জুলাইলৈকে ইছৰ'ৰ কাম-কাজ প্ৰত্যক্ষ কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে নৱমৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ৰাজ্যখনৰ চৰকাৰী আৰু প্ৰাদেশীকিকৃত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। এই ভ্ৰমণৰ জৰিয়তে তেওঁলোকে ভাৰতৰ মহাকাশ অভিযান, গৱেষণাৰ সা-সুবিধা আৰু প্ৰযুক্তিগত দিশত অগ্রগতি সন্দৰ্ভত...

July 24, 2025 7:21 PM

views 56

গোলাঘাটৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল গাঁৱত বাস কৰা দখলকাৰীসকলক ৭ দিনৰ ভিতৰত গাঁও এৰিবলৈ বন বিভাগৰ জাননী জাৰি

গোলাঘাট জিলাৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল গাঁৱত বাস কৰা দখলকাৰীসকলক সাত দিনৰ ভিতৰত গাঁও এৰিবলৈ বন বিভাগে জাননী জাৰি কৰিছে। বন বিভাগৰ দলে আজি ঘৰে ঘৰে গৈ এই জাননী বিতৰণ কৰে। গোলাঘাট সংমণ্ডলৰ বন বিষয়াই জাৰি কৰা এই জাননীত এই লোকসকলে জামুগুৰি আঞ্চলিক বন কার্যালয়ৰ অন্তর্গত দৈয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল ধ্বংস কৰি গৃহ নিৰ্মাণৰ লগতে বনভূমিক কৃষিভূমিলৈ ৰূপান্তৰ কৰিছে বুলি কোৱা হৈছে। সংৰক্ষিত বনাঞ্চলত অনুমতি নোহোৱাকৈ বসবাস কৰাৰ বাবে তেওঁলোকক শীঘ্ৰেই এই বনভূমি খালী কৰি দিবলৈ ন...

July 24, 2025 6:51 PM

views 57

ছিদলী বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত লোকনৃত্যৰ গ্ৰীষ্মকালীন কর্মশালাৰ আজি সামৰণি

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত ছিদলী বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত লোকনৃত্যৰ গ্ৰীষ্মকালীন কর্মশালাখন আজি সামৰণি পৰে। ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশৰ উদ্দেশ্যেৰে সহপাঠ্যক্ৰম হিচাপে আয়োজন কৰা এই কর্মশালাখন যোৱা ১০ জুলাইত আৰম্ভ হৈছিল। ১৫ দিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন লোকনৃত্য প্ৰদৰ্শন কৰে। অংশগ্ৰহণকাৰীসকলক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিজনী সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়।

July 24, 2025 6:48 PM

views 60

মঙলদৈ চহৰৰ ২ নম্বৰ ৱাৰ্ডত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাদক দ্রব্য, ৮টা মোবাইল ফোন, এটা টেবলেট, কম্পিউটাৰ আৰু নগদ ধনসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দৰং আৰক্ষীয়ে মঙলদৈ চহৰৰ দুই নম্বৰ ৱাৰ্ডত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্রব্য, ৮টা মোবাইল ফোন, এটা টেবলেট, কম্পিউটাৰ আৰু নগদ ধনসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী দুজনৰ এগৰাকী মহিলা। অধিক তথ্যৰ বাবে দৰং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

July 24, 2025 6:37 PM

views 61

আই আই টি গুৱাহাটীৰ গৱেষক দলৰ বাম্বুচা টুল্ডা নামৰ বাঁহৰ বিশেষ প্রজাতি ব্যৱহাৰেৰে পৰিৱেশ অনুকুল কম্পোজিত মেটেৰিয়েল অর্থাৎ সংমিশ্রিত পদার্থ প্রস্তুত

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ গৱেষকৰ এটা দলে বাম্বুচা টুল্ডা নামৰ বাঁহৰ এটা বিশেষ প্রজাতি ব্যৱহাৰ কৰি পৰিৱেশ অনুকুল কম্পোজিত মেটেৰিয়েল অর্থাৎ সংমিশ্রিত পদার্থ প্রস্তুত কৰিছে। উত্তৰ-পূব ভাৰতৰ আৰ্দ্ৰ আৰু উষ্ণ পৰিৱেশত দ্ৰুতগতিত বৃদ্ধি পোৱা বাঁহৰ প্ৰজাতিটো জৈৱ বিঘ্নিত পলিমাৰৰ সৈতে সংযোগ কৰি এই সংমিশ্রিত পদাৰ্থবিধ তৈয়াৰ কৰা হৈছে। উচ্চ শক্তিসম্পন্ন আৰু তাপৰ স্থিতাযুক্ত এই নতুনকৈ আৱিষ্কৃত পদাৰ্থবিধ কমকৈ আর্দ্রতা শোষণ কৰাৰ লগতে উৎপাদন ব্যয় কম হোৱাৰ কাৰণে সাধাৰণ প্লাষ্টিকৰ বিকল...

July 23, 2025 9:28 PM

views 68

নৌসেনা বাহিনীৰ ইষ্টাৰ্ণ ফ্লীটৰ অন্তৰ্গত চাৰিখন যুদ্ধ জাহাজ – INS Delhi, INS Shakti, INS Satpura আৰু INS Kiltan আজি ছিংগাপুৰ বন্দৰত উপস্থিত

নৌসেনা বাহিনীৰ ইষ্টাৰ্ণ ফ্লীটৰ অন্তৰ্গত চাৰিখন যুদ্ধ জাহাজ - INS Delhi, INS Shakti, INS Satpura আৰু INS Kiltan আজি ছিংগাপুৰ বন্দৰত উপস্থিত হয়। দক্ষিণ-পূব এছিয়াত নৌ বাহিনীৰ সামৰিক গতি-বিধিৰ অংশ হিচাপে ছিংগাপুৰলৈ যোৱা এই যুদ্ধ জাহাজকেইখনৰ নেতৃত্বত আছে ৰিয়েৰ এডমিৰেল সুশীল মেনন। ভাৰতীয় নৌ বাহিনী আৰু ছিংগাপুৰ নৌ বাহিনীৰ মাজত সামুদ্রিক সহযোগিতা অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে সেই দেশত উপস্থিত হোৱা ভাৰতীয় যুদ্ধ জাহাজকেইখনৰ মুৰবৰী ৰিয়েৰ এডমিৰেল মেননে ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্ত শিল্পক আম্বুলে আৰু...

July 23, 2025 9:23 PM

views 65

লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশত ক্ৰীড়াৰ বিকাশ আৰু বিস্তাৰ ঘটোৱা ক্রীড়াবিদসকলৰ কল্যাণৰ বাবে আঁচনি গ্ৰহণ আৰু সু-শাসনৰ নীতিৰ অধীনত ক্রীড়া নীতিৰ নীতিগত সংশোধন ঘটাবলৈ বিচৰা হৈছে। বিধেয়কখন উত্থাপন কৰি ক্ৰীড়ামন্ত্রী মন্দাভিয়াই কয়, যে এই বিধেয়কখনত অলিম্পিক আৰু আন ক্রীড়া সমাৰোহত নিহিত থকা নীতিগত প্ৰমূল্য আৰু খেলুৱৈসুলভ মনোভাৱ অন্তৰ্ভুক্ত কৰাৰ লগতে পেৰা অলিম্পিক আৰু আন্তৰ্জাত...

July 23, 2025 9:15 PM

views 44

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি একেৰাহে তৃতীয় দিনাও সংসদৰ দুয়োখন সদনৰ কাম-কাজ ব্যাহত

বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি একেৰাহে তৃতীয় দিনাও সংসদৰ দুয়োখন সদনৰ কাম-কাজ ব্যাহত হয়। বিৰোধী পক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনায়। লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ পূৰ্বে দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ ২ বজাত নিম্ন সদন দ্বিতীয়বাৰৰ বাবে পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে সদনৰ মজিয়ালৈ উঠি আহি শ্...

July 23, 2025 9:03 PM

views 59

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত শ্রীভূমি জিলাত সজাগতা সমদল

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত শ্রীভূমি জিলাত আজি সজাগতা সমদল উলিওৱা হয়। শ্রীভূমিৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই সমদলত বহুলোকে অংশগ্ৰহণ কৰে। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এখন প্ৰচাৰ বাহনো আজি মুকলি কৰা হয়। শ্রীভূমিৰ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে প্ৰচাৰ বাহনখন মুকলি কৰে।