December 22, 2025 8:43 PM

views 37

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত নির্মীয়মান প্রকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত নির্মীয়মান প্রকল্পস্থলী আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। তেওঁ লগতে অহা ২৯ ডিচেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া বটদ্ৰৱা সাংস্কৃতিক প্রকল্পস্থলীও পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট সকলক এই প্ৰকল্পৰ চূড়ান্ত পৰ্যায়ৰ কাম নিয়াৰিকৈ আৰু শীঘ্ৰে কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে গুৰুজনাৰ জন্মস্থানক ধর্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰ হিচাপে গঢ়ি তুলি পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে দখলমুক্ত কৰা ১৬২ বি...

December 22, 2025 10:15 PM

views 43

বৰাক নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্রী পীযূষ হাজৰিকাৰ

কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি দ্বিতীয় খণ্ডত আজি মন্ত্রী পীযূষ হাজৰিকাই বৰাক নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পটো ৪০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়, কাছাৰ জিলা বিজেপিৰ সভাপতি ৰূপম সাহা, আৰক্ষী অধীক্ষক পার্থপ্রতীম দাসসহ বহু লোক উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযূষ হাজৰিকাই কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্...

December 22, 2025 10:19 PM

views 43

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৩,৪২০ গৰাকী প্রার্থীক আজি নিযুক্তি পত্র প্রদান

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৩ হাজাৰ ৪২০ গৰাকী প্রার্থীক আজি নিযুক্তি পত্র প্রদান কৰা হয়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই নিযুক্তি পত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি সম্পন্ন হোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১ লাখ নিযুক্তিৰ সংখ্যা কেতিয়াবাই অতিক্রম কৰিছে। তেওঁ কয় যে নিয়মীয়া পদত ১ লাখ নিযুক্তি দিয়াৰ উপৰি ঠিকাভি...

December 22, 2025 11:57 PM

views 50

বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে

প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বংলাদেশত হিন্দু ধৰ্মৰ লোকসকলক নিৰ্যাতনৰ বিষয়টোও গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। ইপিনে, প্রতিবেশী ৰাষ্ট্ৰখনত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বাংলাদেশ সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলৰ ভাৰত-বাংলা...

December 18, 2025 4:24 PM

views 58

নাহৰণি গ্রেজিঙত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ উদ্বোধন সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ

শিশুৰ সৰ্বাঙ্গীন বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে সৰুপথাৰ সমষ্টিৰ নাহৰণি গ্রেজিঙত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰটো আজি সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত সৰুপথাৰ সম-জিলা আয়ুক্ত, খণ্ড উন্নয়ণ বিষয়া, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপককে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

December 18, 2025 4:22 PM

views 52

শিৱসাগৰৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দূৰ্ঘটনাত দুজন লোক নিহত

শিৱসাগৰ জিলাৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দূৰ্ঘটনাত আজি দুজন লোক নিহত হোৱাৰ লগতে এটি শিশুসহ আন এজন গুৰুতৰভাৱে আহত হয়। আজি পুৱা ঘন কুঁৱলীৰ মাজেৰে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন ডাম্পাৰত বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনে খুন্দা মৰাৰ ফলতে এই দূর্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত শিৱসাগৰৰ বেতবাৰী তিনিআলিৰ মৌ বন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্তাধিকাৰী বিপুল হাতীমূৰীয়া নিহত হয়। গুৰুতৰভাৱে আহত বিপুল হাতীমূৰীয়াৰ পত্নী নমিতা শ‍ইকীয়াক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ অৱস্থ...

December 18, 2025 4:18 PM

views 60

১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন মাজুলীৰ দিপাঙ্কৰ ৰাজখোৱাৰ

মাজুলী জিলা ছাত্রসন্থাৰ সম্পাদক তথা এগৰাকী কৃষক দিপাঙ্কৰ ৰাজখোৱাই প্ৰায় ১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মাজুলীৰ গেজিং চাপৰিত ভূমি লীজত লৈ বিগত ৫ বছৰে তেওঁ কৃষি কৰ্মৰে যথেষ্ট লাভান্বিত হৈছে। কৃষকগৰাকীয়ে নিজৰ লগতে আন ১০ টা পৰিয়ালকো কৃষি কৰ্মত নিয়োগেৰে সংস্থাপনৰ বাট মুকলি কৰিছে।

December 18, 2025 4:15 PM

views 47

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো উজান বজাৰৰ অভিজিত চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছে। এজন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্ৰতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জন লোক ব্ৰহ্মপুত্ৰত উটি যায়। ইয়াৰ পাছৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই চাৰি...

December 18, 2025 4:13 PM

views 33

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসান

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্ৰতিমূৰ্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি আৰু অলপতে উন্মোচন কৰিবলগীয়া লোকপ্রীয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাম সুতাৰৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া...

December 18, 2025 4:10 PM

views 63

আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

স্বচ্ছ আৰু মেধা ব্যক্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত ১৬ গৰাকী যান্ত্ৰীক অভিযন্তা, ১১ গৰাকী বৈদ্যুতিক অভিযন্তা, ৮ গৰাকী জনস্বাস্থ্য অভিযন্তা, ৬ গৰাকী পৰিৱেশিক অভিযন্তা আৰু ২ গৰাকী ব্যৱহাৰিক অভিযন্তা আছে। দিছপুৰৰ লোকসেৱা ভৱনৰ চৌহদত আজি বিয়লি ৩ বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰিব। অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব।