May 30, 2024 1:40 PM

views 61

অসম আন্দোলনৰ অগ্ৰণী নেতা তথা বৰপেটা পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ মৃত্যু

অসম আন্দোলনৰ অগ্ৰণী নেতা তথা বৰপেটা পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ কালি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা দাসৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৫ বছৰ। অসম আন্দোলনৰ সময়ত আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত হৈ ঘূণীয়া হোৱা দাসে পৰৱৰ্তী সময়ত সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত সক্রিয় ভূমিকা লৈ আহিছিল। বৰপেটা চহৰৰ পালাংদিহাটীৰ বাসিন্দা দাসে সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰাৰ পাছত অসম গণ পৰিষদ দলত যোগদান কৰিছিল।

May 28, 2024 7:57 PM

views 53

ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে, কামৰূপ জিলাত এজন আৰু কামৰূপ মহানগৰত আন এজন লোকৰ ধুমুহাৰ ফলত মৃত্যু হয়। ইফালে, গেৰুকামুখত এন এইচ পি চি ...

May 28, 2024 7:24 PM

views 64

৪ জুনত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নির্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা ৯ বাজি ১৫ মিনিটৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো NEWS ON AIR এপ, আমাৰ ইউটিউব চেনেল AIR NEWS GUWAHATI আৰু X হেণ্ডেল ...

May 28, 2024 5:47 PM

views 72

ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণৰ বাবে কেইবাখনো জিলাত সতর্কতা জাৰি

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূর্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত কালিৰেপৰা জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমি স্খলনৰ ফলত মৃত্যু হৈছে। ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰা...

May 25, 2024 7:56 PM

views 59

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক মাধৱদেৱ বঁটা প্ৰদান

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক এইবাৰৰ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ সৈতে সংগতি ৰাখি ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰত যোৱা নিশা আয়োজিত এখন ধর্মালোচনা সভাত সত্ৰাধিকাৰগৰাকীক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, সুন্দৰীদিয়া সত্ৰই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে। ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে ...

May 25, 2024 7:53 PM

views 79

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ’বলগীয়া 'দৃষ্টিপাত’ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা কৰা হ’ব। এই অনুষ্ঠানত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুন্নাপ্ৰসাদ গুপ্তা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।