April 22, 2025 10:04 AM

views 58

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

● ৰাজ্যত অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বিভিন্ন ৰাজনৈতিক দলে ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে নির্বাচনী সভা আদিৰ আয়োজন কৰি আহিছে। শাসক দলৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি বিভিন্নজনে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ধেমাজি আৰু তিনিচুকীয়া জিলাত পঞ্চায়ত ন...

April 21, 2025 11:25 AM

views 77

বতৰৰ বতৰাঃ–

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২২ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

April 21, 2025 11:14 AM

views 76

ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত

● ৰাজ্যখনৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত লৈছে। বাৰিষা বৰষুণৰ পানী জমা কৰিবলৈ এই জলাশয়সমূহ খনন কৰাৰ বাবে বিভাগটোৱে যুগুত কৰা ৬৩৪ কোটি ৮৩ লাখ টকাৰ বিতং প্রকল্প প্ৰতিবেদনত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ কাৰ্যবাহী পৰিষদে অনুমোদন জমাইছে। এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে জনসম্পদ বিভাগে পুঁজি বিচাৰি শীঘ্ৰেই কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব। এই জলাশয়সমূহ শোণিতপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া, মৰিগাঁও আৰু কামৰূপ...

April 21, 2025 11:05 AM

views 281

আজি সতী সাধনী স্মৃতি দিৱস

● আজি সতী সাধনী স্মৃতি দিৱস। সাহস, ধৈর্য, বীৰত্ব আৰু দেশ তথা জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সতী সাধনী দিৱস উপলক্ষে মহিয়সী নাৰীগৰাকীৰ গভীৰ দেশপ্ৰেম আৰু আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ গজপুৰীয়াত আজি বীৰংগনা সতী সাধনী স্মৃতি দিৱসৰ আয়োজন কৰা হৈছে। গজপুৰীয়া বিহুতলী প্ৰেক্ষাগৃহত ডিব্ৰুগড় প্রশাসন, সদৌ চুতীয়া জাতি সন্মিলন অসম, চুতীয়া জাতি মহিলা সন্...

April 21, 2025 10:55 AM

views 57

গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ ২০২৪-২৫ বৰ্ষত ১৬ কোটি ৯০ লাখ কিলোগ্ৰাম চাহ বিক্ৰীৰে অভিলেখ

■ গুৱাহাটী চাহ নিলাম কেন্দ্ৰই ২০২৪-২৫ বৰ্ষৰ ১৬ কোটি ৯০ লাখ কিলোগ্ৰাম চাহ বিক্ৰীৰে অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। চাহৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী হোৱা চাহৰ গড় দামো বৃদ্ধি পাইছে। ২০২৪-২৫ বৰ্ষত কেন্দ্ৰটোৰ জৰিয়তে ১৬ কোটি ৯০ লাখ কিলোগ্ৰামৰো অধিক চাহ বিক্ৰী হোৱাৰ বিপৰীতে ২০২৩ বৰ্ষত ১৬ কোটি ৬৩ লাখ কিলোগ্রাম চাহ বিক্ৰী হৈছিল। সদ্যসমাপ্ত বিত্তীয় বৰ্ষত বিক্ৰী হোৱা মুঠ চাহ প্রতি কিলোগ্ৰামত গড়ে ২২৭ টকা ৭০ পইচা দৰত বিক্ৰী কৰা হৈছে। ইয়াৰ আগেয়ে ২০২৩-২৪ বৰ্ষত প্রতি কিলো...

April 21, 2025 10:46 AM

views 65

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

● অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্র কৰি তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ ল'ব। জিলাখনৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰত আয়োজিত নির্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব। উল্লেখযোগ্য যে, জিলাখনৰ ১২খন জিলা পৰিষদ, ৫ খন আঞ্চলিক পৰিষদ আৰু ৬৫ খন গাঁও পঞ্চায়তৰ বাবে অহা ২ মে'ত প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইতিপূৰ্বে জিলাখনত দলীয় প্ৰাৰ্থীৰ হ...

April 11, 2025 8:55 PM

views 43

দেশৰ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলৰ উন্নয়নৰ বাবে বৰ্তমান চৰকাৰে সবকা সাথ, সবকা বিকাশ মন্ত্ৰৰ নীতিৰে আৰু সেৱাৰ মনোভাৱেৰে কাম কৰি আছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলৰ উন্নয়নৰ বাবে বৰ্তমান চৰকাৰে সবকা সাথ, সবকা বিকাশ মন্ত্ৰৰ নীতিৰে আৰু সেৱাৰ মনোভাৱেৰে কাম কৰি আছে। শ্রীমোদীয়ে আজি মধ্য প্ৰদেশৰ অশোক নগৰ জিলাৰ ইছাগড় অঞ্চলৰ আনন্দপুৰ ধামত ভক্তসকলক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে৷ চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ কথা শ্রীমোদীয়ে কয় যে প্রধানমন্ত্রী গৰীৱ কল্যাণ যোজনা, আয়ুষ্মান যোজনা, প্রধানমন্ত্ৰী আৱাস যোজনা, জল জীৱন মিছন আদিয়ে সমাজৰ বঞ্চিত আৰু দৰিদ্ৰ লোকসকলৰ জীৱন ধাৰণ সুগম কৰি তুলিছে। তেও...

April 11, 2025 8:51 PM

views 45

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা কৰিছে। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু সাংসদসকলে পঞ্চায়ত নিৰ্বাচনৰ তাৰকা প্ৰচাৰক হিচাপে নির্বাচনী প্ৰচাৰত ভাগ ল'ব।বিজেপিয়ে ইতিমধ্যে দ্বিতীয়খন প্রার্থী তালিকা প্রকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভ...

April 11, 2025 8:47 PM

views 42

বোকাখাটৰ লখৌজান চাহ বাগিছাৰ মাজত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ

গোলাঘাট জিলাৰ বোকাখাটৰ লখৌজান চাহ বাগিছাৰ মাজত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো বিগত দুটা দিন ধৰি নিখোজ হৈ থকা বোকাখাটৰ শিলভেটাৰ ৪০ বছৰীয়া বুদ্ধেৰে হাছদাৰৰ বুলি চিনাক্ত কৰা হৈছে। এই সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে।

April 11, 2025 8:43 PM

views 23

পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বন্ধৰ দিনসমূহতো সীমিত সংখ্যক কৰ্মচাৰীৰে কাৰ্যালয়, শিক্ষানুষ্ঠান আদি খোলা ৰাখিবলৈ নিৰ্দেশ

সকলো কাৰ্যালয় আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীক পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বন্ধৰ দিনসমূহতো সীমিত সংখ্যক কৰ্মচাৰীৰে কাৰ্যালয়, শিক্ষানুষ্ঠান আদি খোলা ৰাখিবলৈ নিৰ্দেশ দিছে। পঞ্চায়ত নির্বাচন সূচাৰুৰূপে পৰিচালিত কৰাৰ বাবে দিয়া নিযুক্তিপত্ৰ আৰু নিৰ্দেশসমূহ নিৰ্বাচনী কামৰ সৈতে জড়িত কৰ্মচাৰীসকলক সময়মতে যোগান ধৰাৰ সুবিধার্থে এই নিৰ্দেশ দিয়া হৈছে বুলি আমাৰ শ্ৰীভূমিৰ সংবাদদাতাই জনাইছে।