June 19, 2025 7:32 PM

views 82

ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ

ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰ ধৰা পৰিছে। দৰং জিলাত শতাধিক গাহৰিৰ দেহত এই সংক্ৰামক ৰোগৰ বীজানু ধৰা পৰাৰ বাবে পশু চিকিৎসা বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজি মঙলদৈৰ কবিকাৰা অঞ্চলৰ কেইবাখনো গাহৰি পামত পশু চিকিৎসা বিভাগে অভিযান চলাই এই ৰোগত আক্ৰান্ত কমেও ৬০ টা গাহৰি নিধন কৰে। ইয়াৰ পূৰ্বে জিলাখনৰ কমাৰপাৰাতো ১০৪ টা গাহৰি নিধন কৰা হৈছিল। নিধন কৰা গাহৰিসমূহ পুতি পেলোৱাৰ ব্যৱস্থা কৰা হয়। মঙলদৈ জিলা পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ অজয় বণিয়াই প্ৰকাশ কৰা মতে আজিও ৰোগৰ সংক্ৰমণৰ...

June 2, 2024 8:19 PM

views 76

গোলাঘাট জিলাৰ কাজিৰঙাত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি বিশেষ সতৰ্কতা

মৰিয়নীৰ নাগিনীজানত আফ্রিকান ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ পাছত গোলাঘাট জিলাৰ কাজিৰঙাতো পশু চিকিৎসক আৰু কৰ্মচাৰীসকল এই বিষয়ত সতৰ্ক হৈ পৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বনৰীয়া গাহৰিয়ে সঘন বিচৰণ কৰা অঞ্চলসমূহত কাষৰীয়া গাঁওসমূহত পালন কৰা ঘৰচীয়া গাহৰি সততে প্রবেশ কৰাৰ পৰিপ্ৰেক্ষিতত বন কৰ্মচাৰী আৰু পশু চিকিৎসকসকলে সতর্কতা অৱলম্বন কৰিছে। বনৰীয়া গাহৰিলৈ বেমাৰবিধৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া গাঁওসমূহৰ ঘৰচীয়া গাহৰিবোৰ নিধন কৰা হৈছে। ইয়াৰ লগতে পশু চিকিৎসকসকলে জিলাখনৰ গাহৰি পালকসকলক ...

May 31, 2024 7:31 PM

views 72

যোৰহাটৰ নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনত আফ্রিকান ছোৱাইন ফিভাৰ

যোৰহাট জিলাৰ নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনত আফ্রিকান ছোৱাইন ফিভাৰ ধৰা পৰিছে। যোৰহাট জিলা আয়ুক্তই এই সন্দৰ্ভত পশু আইন, ২০০৯ৰ ৬(১) ধাৰাৰ-সংক্রামক আৰু সংক্ৰমিত ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ অধীনত বাগিছাখনৰ ৯ নম্বৰ লাইনক আফ্রিকান ছোৱাইন ফিভাৰৰ মূল কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে। এই সম্পৰ্কে জাৰি কৰা অধিসূচনা অনুসৰি নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনৰ পৰা ১০ কিলোমিটাৰ এলেকাৰ ভিতৰত গাহৰি বেপাৰৰ লগতে আদান-প্রদান, বিক্ৰী আদি কাৰ্য বন্ধ কৰিব লাগিব।