August 21, 2025 7:14 PM

views 57

বাক্সাৰ ধনশ্ৰীপুৰত স্বেচ্ছাসেৱী সংস্থাৰ বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি

বাক্সা জিলাৰ ধনশ্ৰীপুৰত আজি এটা স্বেচ্ছাসেৱী সংস্থাই বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ৰোগীৰ স্বাস্থ্যপৰীক্ষা কৰি পৰামৰ্শ দিয়ে। এ চি আৰ ডি নামৰ সংস্থাটোৱে পূৰ্বেও এনে ধৰণৰ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে।

August 19, 2025 1:45 PM

views 77

ডায়েৰীয়া নিৰ্মূলৰ বাবে ডিব্ৰুগড় জিলাত সজাগতা সভা

■ ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ তথা পঞ্চায়তৰ প্ৰতিনিধিসকলৰ যৌথ প্ৰচেষ্টাত ডায়েৰীয়া নিৰ্মূলৰ বাবে ডিব্ৰুগড় জিলা টেঙাখাত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পুৰণা দিৰীয়াল চাহ বাগিচাৰ সমীপৰ গজালবস্তি, ঝৌপ্পৰ পট্টি আদিত কালি সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ জৰিয়তে জনসাধাৰণক ডায়েৰীয়াৰ পৰা ৰক্ষা পাবলৈ গ্ৰহণ কৰিবলগীয়া বিভিন্ন উপায় সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱা হয়। ইপিনে চাবুৱাৰ দিনজয় চাহ বাগিচাৰ পকালাইনত ডায়েৰীয়া সদৃশ ৰোগত কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনাৰ পাছত এই অঞ্চলত ...

July 24, 2025 7:21 PM

views 70

গোলাঘাটৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল গাঁৱত বাস কৰা দখলকাৰীসকলক ৭ দিনৰ ভিতৰত গাঁও এৰিবলৈ বন বিভাগৰ জাননী জাৰি

গোলাঘাট জিলাৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল গাঁৱত বাস কৰা দখলকাৰীসকলক সাত দিনৰ ভিতৰত গাঁও এৰিবলৈ বন বিভাগে জাননী জাৰি কৰিছে। বন বিভাগৰ দলে আজি ঘৰে ঘৰে গৈ এই জাননী বিতৰণ কৰে। গোলাঘাট সংমণ্ডলৰ বন বিষয়াই জাৰি কৰা এই জাননীত এই লোকসকলে জামুগুৰি আঞ্চলিক বন কার্যালয়ৰ অন্তর্গত দৈয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল ধ্বংস কৰি গৃহ নিৰ্মাণৰ লগতে বনভূমিক কৃষিভূমিলৈ ৰূপান্তৰ কৰিছে বুলি কোৱা হৈছে। সংৰক্ষিত বনাঞ্চলত অনুমতি নোহোৱাকৈ বসবাস কৰাৰ বাবে তেওঁলোকক শীঘ্ৰেই এই বনভূমি খালী কৰি দিবলৈ ন...

June 30, 2025 8:56 PM

views 69

গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়াম উদ্বোধন কৰে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ৭ কোটি ৯৪ লাখ টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে। ৬খন টেবুল টেনিছ ব'ৰ্ড আৰু ৫খন বেডমিণ্টন ক'ৰ্ট সংযুক্তকৰণেৰে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ষ্টেডিয়ামৰ নৱসংযোজনে গোলাঘাট জিলা ক্রীড়া ক্ষেত্ৰক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী শর্মাই আজি গোলাঘাট চৰক...

June 19, 2025 12:41 PM

views 61

ওদালগুৰিৰ বিভিন্ন ব্লক আৰু ভি চি ডি চি এলেকাত দৈনিক ধৰিত্ৰী আবা জন ভাগিদাৰী শিবিৰ অনুষ্ঠিত

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ধৰিত্ৰী আবা জন ভাগিদাৰী অভিযানৰ অধীনত ওদালগুৰি জিলাৰ বিভিন্ন ব্লক আৰু ভি চি ডি চি এলেকাত দৈনিক শিবিৰ অনুষ্ঠিত হৈ আহিছে। এই শিবিৰৰ জৰিয়তে জনসাধাৰণক আধাৰকাৰ্ডৰ নামভৰ্তি, বিধৱা আৰু দিব্যাংগ পেন্সনৰ বাবে আবেদন আৰু সাহায্য, প্রধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ অধীনত পঞ্জীয়ন আৰু আন বহুতো কল্যাণমূলক আঁচনি আৰু প্ৰাপ্যৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা হৈছে।

June 8, 2025 7:53 PM

views 84

আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ

আকাশবাণীয়ে আজি ৯০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৩৬ চনৰ আজিৰ তাৰিখতে ইণ্ডিয়ান ষ্টেট ব্রডকাষ্টিং ছাৰ্ভিচক অল ইণ্ডিয়া ৰেডিঅ' নামেৰে আৰু স্বাধীনতাৰ পৰৱৰ্ত্তী সময়ত ১৯৫৬ চনত ইয়াক আকাশবাণী নামেৰে নামকৰণ কৰা হৈছিল। এই ঐতিহাসিক দিনটোৱে কেইবা প্ৰজন্মৰ ধাৰাবাহিকতা ৰক্ষা কৰা এটা শ্ৰৱ্য মাধ্যমৰ জনপ্ৰিয়তা আৰু দেশৰ সাংস্কৃতিক তথ্য আৰু সম্প্ৰচাৰৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব সম্পর্কে অৱলোকন কৰে।