October 22, 2024 7:58 AM

views 52

ৰাষ্ট্ৰপতি মুৰ্মুৱে পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্ৰেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজ –আদি ৯ টা শাখাত ৩৮টা বঁটা প্ৰদান কৰিব। শ্ৰেষ্ঠ ৰাজ্যৰ শিতানত ওড়িশাই প্রথম, উত্তৰ প্রদেশে দ্বিতীয় আৰু গুজৰাট আৰু পুডুচেৰীয়ে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় জল বঁটাৰ বাবে চৰকাৰৰ জল সমৃদ্ধ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰা বা প্...

September 17, 2024 6:30 PM

views 92

জল সংৰক্ষণ, উন্নত ব্যৱস্থাপনা, উন্নয়ন আৰু বিতৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গণ আন্দোলন গঢ়ি তোলাৰ আৱশ্যকতাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ গুৰুত্ব আৰোপ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জল সংৰক্ষণ, উন্নত ব্যৱস্থাপনা, উন্নয়ন আৰু বিতৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গণ আন্দোলন গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অষ্টম ভাৰত জল সপ্তাহ উদ্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ জল সংৰক্ষণ আৰু বহন ক্ষমতাৰ বিষয়সমূহ দূৰ কৰাৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টাৰ আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে দেশত পানীৰ উৎস ব্যৱস্থাপনাৰ এনে বহুতো প্রাচীন প্রথা আছে, যিবোৰ আজিও প্রাসংগিক আৰু সেইসমূহ আধুনিক ৰূপত প্ৰয়োগৰ কৰা উচিত। ৰ...

September 16, 2024 6:15 PM

views 66

কাইলৈৰে পৰা দিল্লীত অষ্টম ভাৰত জল সপ্তাহ, ২০২৪ অনুষ্ঠিত হ’ব

অষ্টম ভাৰত জল সপ্তাহ, ২০২৪ কাইলৈৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত মণ্ডপমত এই কাৰ্যসূচী উদ্বোধন কৰিব। চাৰিদিনীয়া এই কাৰ্যসূচীত ২০০ গৰাকী বিদেশী প্রতিনিধিসহ ৪০ খন দেশৰ প্ৰায় ৪ হাজাৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব। প্ৰদৰ্শনীৰ সময়ছোৱাত ১০০ কৈও অধিক প্ৰদৰ্শক আৰু ষ্টার্টআপে জল ক্ষেত্ৰত নিজ নিজ ভাৱাদৰ্শ প্ৰদৰ্শন কৰিব। নতুন দিল্লীত অনুষ্ঠিত সংবাদমেলত জলশক্তি মন্ত্ৰ্যালয়ৰ সচিব দেৱশ্ৰী মুখার্জীয়ে কয় যে উপযুক্ত জল ব্যৱস্থাপনাই দেশৰ আৰ্থিক বৃদ্ধি ত্বৰান্বিত কৰিব। ত...