August 11, 2024 7:36 PM

views 71

ৰাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্রস্তুতি

৭৮ সংখ্যক স্বাধীনতা দিৱসলৈ কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য অঞ্চলসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক প্রস্তুতি চলাই থকা হৈছে। চিৰাং জিলাৰ সদৰ কাজল গাঁৱত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মুখ্য আকর্ষণ সামৰিক কুচকাৱাজৰ বাবে পেৰেড গ্রাউণ্ডত অসম আৰক্ষী বাহিনী, সীমা সুৰক্ষা বল, গৃহৰক্ষী জোৱান, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে অনুশীলন চলাইছে। ইফালে হোজাইত বিগত কেইবা দিন ধৰি জিলা সদৰ শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত আৰক্ষী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীস...