August 15, 2024 8:41 PM

views 43

উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত  ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

 উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মিজোৰামত আজি ব্যাপক উৎসাহ-উদ্দীপনাৰে এই দিৱস উদযাপন কৰা হয়। আছাম ৰাইফলছ গ্রাউণ্ড লামুৱালত আয়োজিত ৰাজ্যিক কাৰ্যসূচীত মুখ্যমন্ত্রী লালডুহোমাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁৰ নেতৃত্বত চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে স্বচ্ছ প্ৰশাসনৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখনৰ ধবজাবাহী আঁচনি বন-কাইহৰ অধীনত স্থানীয় শিল্পীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয়ৰ ব্যৱস্থা কৰা হ...

August 15, 2024 8:21 PM

views 59

প্ৰতিৰক্ষা আহিলাপাতি নির্মাণেৰে সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ ভাৰত সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্ৰতিৰক্ষা সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে লালকীল্লাৰ ভাষণত কয় যে, দেশ এইক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠিছে আৰু প্ৰতিৰক্ষা আহিলাপাতি নির্মাণেৰে সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হৈছে। দেশ প্ৰতিগৰাকী শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীৰ ওচৰত চিৰ ঋণী বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বালাংদেশ সন্দৰ্ভত প্রধানমন্ত্ৰীয়ে কয় যে চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ভাৰত দেশখনৰ পৰিস্থিতিকলৈ উদ্বিগ্ন। তেওঁ দেশখনলৈ শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে। ভাৰতীয় জনসাধাৰণ চুবুৰীয়া ৰাষ্ট্...

August 15, 2024 8:17 PM

views 47

মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা আৰু অপৰাধৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্রকাশ

লালকীল্লাত ৰাষ্ট্ৰক উদ্দশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা আৰু অপৰাধৰ ঘটনাক লৈ উদ্বেগ প্রকাশ কৰে। তেওঁ কয় যে, এনে ঘটনাৰ ষড়যন্ত্ৰকাৰীসকলক শীঘ্ৰে শাস্তি প্ৰদান কৰা উচিত। তেওঁ কয় যে, সংবাদ মাধ্যমত ধৰ্ষণৰ ঘটনাৰ বহুল প্ৰচাৰ হয় যদিও দোষীসকলক প্ৰদান কৰা সাস্তিৰ বিশয়ে বিশেষ প্ৰচাৰ কৰা নহয়। তেওঁ কয় যে, অপৰাধীসকলক প্ৰদান কৰা শাস্তিৰ বিষয়ে ব্যাপকভাৱে প্ৰচাৰ হ'ব লাগে যাতে জনসাধাৰণে এনেধৰণৰ জঘন্য অপৰাধ সংঘটিত কৰিবলৈ ভয় কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, দেশত উমৈহত...

August 15, 2024 8:15 PM

views 45

পর্যটন, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বা শিক্ষা, স্বাস্থ্য, পৰিবহণ, কৃষি ক্ষেত্রত চৰকাৰে অত্যাধুনিক ব্যৱস্থা গঢ়ি তুলিছেঃ প্ৰধানমন্ত্ৰী মোদী

লালকীল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, পর্যটন, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগেই হওক বা শিক্ষা, স্বাস্থ্য, পৰিবহণ, কৃষি অথবা অন্য ক্ষেত্রই হওক সকলো ক্ষেত্রতেই অত্যাধুনিক ব্যৱস্থা গঢ়ি তোলা হৈছে। তেওঁ কয় যে, ভাৰতে সকলো ক্ষেত্ৰত বিশ্ব শ্ৰেষ্ঠ পদ্ধতিসমূহ অন্তর্ভুক্ত কৰি আগবাঢ়িব খোজে। চৰকাৰে নিজৰ নীতিৰ বাবে সকলো ক্ষেত্ৰত জন সমর্থন লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে । তেওঁ কয় যে, বেংকিং খণ্ডক সুদৃঢ় কৰি ত...

August 15, 2024 8:11 PM

views 58

ভাৰতে গেমিং ক্ষেত্ৰত দেশত নিৰ্মিত সামগ্ৰীৰে বিপ্লবৰ সূচনা কৰাৰ বাবে দেশৰ চহকী প্রাচীন ঐতিহ্য আৰু জ্ঞানৰ ব্যৱহাৰ কৰা উচিত বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

লালকীল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ বৰ্ষৰ বাজেটৰ কথাও উল্লেখ কৰি দেশৰ যুৱ প্ৰজন্মৰ প্ৰশিক্ষণৰ বাবে আৰু দেশক বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে ঘোষণা কৰা বিভিন্ন ঐতিহাসিক উদ্যমৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, ভাৰতে গেমিং ক্ষেত্ৰত দেশতে নিৰ্মিত সামগ্ৰীৰে বিপ্লবৰ সূচনা কৰাৰ বাবে দেশৰ চহকী প্রাচীন ঐতিহ্য আৰু জ্ঞানৰ ব্যৱহাৰ কৰা উচিত। ভাৰতে জীৱনধাৰণ সূচল কৰি তোলাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰী...

August 15, 2024 6:22 PM

views 50

অর্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত গোলকীয় নেতৃত্ব প্ৰদানত ভাৰত প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ বাবে দেশবাসীয়ে একতা আৰু ত্যাগেৰে কৰা সংগ্ৰাম আৰু সংকল্পৰ দৰেই আজি ১৪০ কোটি দেশবাসীয়েও সেৱা আগবঢ়ালে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ'ব বুলি আস্থা প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে কয় যে, চৰকাৰে ৰাষ্ট্ৰ প্ৰথম নীতিৰ আধাৰত বিকাশৰ বাবে বিভিন্ন সংস্কাৰ সাধন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আজি অর্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত গোলকীয় নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ক...

August 15, 2024 11:46 AM

views 62

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। আকাশবাণী গুৱাহাটীৰ চানমাৰিস্থিত কাৰ্যালয়ত অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবীন চন্দ্ৰ বড়োৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। জালুকবাৰীস্থিত ট্রান্সমিটাৰ কমপ্লেক্সৰ অভিযান্ত্ৰিক শাখাৰ অতিৰিক্ত সঞ্চালক ডি কে গগৈ আৰু নৰকাসুৰ পাহাৰত অৱস্থিত এফ এম ট্রান্সমিটাৰত আকাশবাণী গুৱাহাটীৰ সহকাৰী অভিযন্তা অৰুণ কুমাৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।

August 15, 2024 11:36 AM

views 90

ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন মন্ত্ৰী আৰু স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন

ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌড়া ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত, ডাঃ ৰণোজ পেগুৱে লখিমপুৰত, অশোক সিংহলে শোণিতপুৰত, যোগেন মহনে যোৰহাটত, সঞ্জয় কিষাণে তিনিচুকীয়াত, অজন্তা নেওগে গোলাঘাটত, পীযুষ হাজৰিকাই গোৱালপাৰাত, বিমল বৰাই ডিব্ৰুগড়ত, নন্দিতা গাৰ্লোছাই শিলচৰত, জয়ন্ত মল্লবৰুৱাই নলবাৰীত পতাকা উত্তোলন কৰে। আ...

August 15, 2024 11:30 AM

views 51

যি একতা আৰু ত্যাগৰ সংগ্ৰামেৰে দেশবাসীয়ে স্বাধীনতা পালে সেই একেই সংকল্পৰে দেশে আগবাঢ়ে তেন্তে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ’বঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে। নতুন দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ এই শুভক্ষণত স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া আৰু আজীৱন সংঘৰ্ষ কৰা প্ৰতিজন স্বাধীনতা সংগ্ৰামীক স্মৰণ কৰে। শ্ৰী মোদীয়ে ভাষণ প্ৰসংগত কয় যে, দেশৰক্ষা তথা দেশ নিৰ্মাণ কৰা প্ৰতিজন কৃষক, জোৱান, যুৱক-যুৱতী, মহিলা, শোষিত আৰু বঞ্চিত বৰ্গৰ দেশৰ প্ৰতি নিষ্ঠা বিশ্বৰ বাবে প্ৰেৰণাৰ বিষয়। তেওঁ লগতে কয় যে, স্বাধীনতাৰ পূৰ্বৰ সময়ছোৱা সং...

August 15, 2024 11:13 AM

views 54

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পাছত ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে ভাষণ প্ৰদান কৰে। ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যবাসীয়ে ব্যাপক উৎসাহ-উদ্দীপনাৰে হৰ ঘৰ তিৰংগা কাৰ...