October 4, 2026 10:54 AM
6
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত কফি খেতি সম্প্ৰসাৰণ, উৎপাদন আৰু গুণাগুণ উন্নত কৰি কৃষকৰ আয় বৃদ্ধিৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে ৰাজ্যত কফি খেতি সম্প্ৰসাৰণ, উৎপাদনশীলতা আৰু কফি বীনৰ গুণাগুণ উন্নত কৰাৰ লগতে শক্তিশালী মূল্য শৃংখলৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান জনাইছে। ‘ভাৰতীয় কফি ব'ৰ্ড আৰু ৰাজ্যখনৰ কৃষি বিভাগে আয়োজন কৰা 'হিলছ টু কাপ' কফি কর্মশালাত ভাষণ দি শ্রী খাণ্ডুৱে কয় যে অৰুণাচলত কফি খেতি প্রায় পাঁচ দশক ধৰি চলি আহিছে যদিও ইয়াৰ সম্ভাৱনা অব্যৱহৃত হৈয়েই আছে। তেওঁ কয় যে ৰাজ্যখনত বর্তমান প্রায় ৬০০ হেক্টৰ মাটিত কফি খেতি কৰা হৈছে আৰু কাৰিকৰী সাহায্য, নীতিগত হস...