October 14, 2024 11:49 AM | Womens t-20

printer

মহিলাৰ টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতক পৰাজিত কৰি অষ্ট্ৰেলিয়া ছেমি ফাইনেলত প্ৰৱেশ

মহিলাৰ টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ শ্বাৰজাহত অনুষ্ঠিত গ্রুপ-এৰ এখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৯ ৰানত পৰাজিত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। গ্রুপ পৰ্যায়ত কালি একেৰাহে চতুৰ্থখন খেলত জয়ী হৈ অষ্ট্ৰেলিয়াই এই প্রতিযোগিতাৰ আটাইকেইখন খেলতে জয়লাভ কৰাৰ অভিলেখ অক্ষুন্ন ৰাখে। আনহাতে, গ্রুপ এ-ৰ নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ‘বলগীয়া খেলখনৰ ফলাফলৰ ওপৰতেই ভাৰতে ছেমি ফাইনেল খেলাৰ সুযোগ নিৰ্ভৰ কৰিব। খেলখনত পাকিস্তান জয়ী হ‘লে ভাৰত গ্রুপ-এৰ পৰা ছেমি ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল হ‘ব।

কালিৰ খেলখনত ১৫২ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত মাত্র ১৪২ ৰানহে কৰিবলৈ সমৰ্থ হয়। অধিনায়ক হৰমনপ্রীত কৌৰে ৫৪ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে দিপ্তী শৰ্মাই ২৯ ৰানৰ বৰঙণি আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ হৈ এনাবেল চুমাৰলেণ্ড আৰু চোফি মলিনিউক্সে দুটাকৈ উইকেট লাভ কৰাৰ লগতে মেগান স্কট আৰু এশ্বলী গার্ডনাৰে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ১৫১ ৰান সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি সন্ধিয়া ডুবাইত হ‘বলগীয়া এখন খেলত পাকিস্তান নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ‘ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ‘ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।