বিশাখাপট্টনমত অনুষ্ঠিত ছৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ-ডিৰ এখন খেলত অসমে কালি বিদৰ্ভৰ বিৰুদ্ধে ৮ উইকেটত পৰাজয় বৰণ কৰে। প্ৰথমে বেট ধৰি অসমৰ দলটোৱে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ১২৪ ৰানৰ লক্ষ্য সন্মুখত লৈ বিদৰ্ভৰ দলটোৱে ১৪ অভাৰত দুটা উইকেট হেৰুৱাই এই লক্ষ্য অতিক্ৰম কৰে। কৰুণ নায়াৰৰ ৭৫ আৰু মন্দৰ মাহালেৰ অপৰাজিত ৩১ ৰানৰ সহায়ত দলটোৱে বিজয় সাবস্ত কৰে। ইয়াৰ পূৰ্বে বেট ধৰি অসমে বিপর্যয়ৰ সন্মুখীন হৈ ১৯ অভাৰ এটা বলত ১২৩ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। অসম দলৰ অধিনায়ক ডেনিছ দাসে সর্বাধিক ৩১ ৰান কৰে। উল্লেখযোগ্য যে, এই প্রতিযোগিতাত অসমৰ দলটোৱে বৰ্তমানলৈ খেলা তিনিখন খেলৰ দুখনত জয়লাভ কৰাৰ বিপৰীতে এখনত পৰাজয় বৰণ কৰি মুঠ ৮ পইণ্টেৰে তালিকাৰ তৃতীয় স্থান লাভ কৰিছে।
Assamese | November 30, 2024 12:44 PM | Syed Mushtaq Ali Trophy assam
ছৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ ক্রিকেটত অসমক ৮ উইকেটত পৰাস্ত বিদৰ্ভৰ