ৰাজ্যৰ শিপিনীসকলক ন্যূনতম সমর্থন মূল্যত বস্ত্ৰ বিক্ৰীৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত বিগত বৰ্ষৰ দৰে এইবাৰো শিপিনী আৰু উদ্যোগীসকলৰ পৰা গামোচা ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ বাবে বিভিন্ন জিলাত ২৯টা ক্রয় কেন্দ্ৰ স্থাপন কৰা হৈছে। এই আঁচনিৰ অধীনত জিলা আৰু মহকুমা পৰ্যায়ত স্থাপন কৰা অস্থায়ী ক্রয় কেন্দ্ৰৰ জৰিয়তে শিপিনী তথা উদ্যোগীসকলে নিজৰ সামগ্রী বিক্রী কৰি বেংক একাউণ্টযোগে পোনপটীয়াকৈ ধন লাভ কৰিব পাৰে। তদুপৰি হস্ততাঁত খণ্ডৰ লগত জড়িত উদ্যোগীসকলৰ পঞ্জীয়ন, ক্ষেত্রভিত্তিক পৰীক্ষণ আৰু প্ৰমাণ পত্ৰ লাভৰ সুবিধা প্রদান কৰা হয়। এই আঁচনিব অধীনত বৰ্তমানলৈকে ৫ লাখ ৬৪ হাজাৰ ৮১১ গৰাকী শিপিনীয়ে নাম পঞ্জীয়ন কৰিছে। ইতিমধ্যে ১৯ কোটিৰো অধিক মূল্যৰ ৫ লাখ ৫৪ হাজাৰ ৮৯২ বিধ পৰম্পৰাগত বস্ত্ৰ সামগ্রী ক্রয় কৰি আৰ্টফেড আৰু অসম চৰকাৰৰ বেচা-কিনা নিগমৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।
Assamese | March 5, 2025 12:06 PM | Swanirbharnari
স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত বিগত বৰ্ষৰ দৰে এইবাৰো গামোচা ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ