ম্যানমাৰৰ কাৰাৰূদ্ধ নেত্ৰী আং চান চ্যু ছীক স্বাস্থ্যজনিত কাৰণত গৃহবন্দিত্বৰ পৰা মুক্তি দিয়া হৈছে। দেশখনৰ সামৰিক চৰকাৰে প্ৰকাশ কৰা মতে সম্প্ৰতি চলি থকা উষ্ণ প্ৰৱাহৰ পৰিপ্ৰেক্ষিতত নেত্ৰীগৰাকীক মুক্তিদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰচণ্ড উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চ্যু কীৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ৱিন মিণ্ট আৰু আন কেই গৰাকীমান বয়োজ্যেষ্ঠ ব্যক্তি সম্প্ৰতি বন্দিত্বৰ পৰা মুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। দেশখনৰ সামৰিক বিভাগৰ এগৰাকী মুখপাত্রই কালি বিদেশৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিক জানিবলৈ দিয়া মতে ৭৮ বছৰ বয়সীয়া চ্যু কী আৰু ৭২ বছৰীয়া ৱিন মিণ্টক ইতিমধ্যে বন্দিত্বৰ পৰা মুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে কেইবাটাও অপৰাধমূলক গোচৰত দোষী সাব্যস্ত কৰি ম্যানমাৰৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকী বিগত ২৭বছৰ ধৰি কাৰাৰুদ্ধ ৰখা হৈছিল। আনহাতে নেত্ৰীগৰাকীৰ এই বন্দিত্বক ৰাজনৈতিক উদ্দেশ্য প্রণোদিত বুলি তেওঁৰ সমৰ্থকসকলে অভিযোগ কৰি আহিছিল । একেদৰে দেশখনৰ প্রক্তন ৰাষ্ট্ৰপতি ৱিন মিণ্টে বিগত ৮বছৰ ধৰি কাৰাবাস খাতি আহিছিল।
Assamese | April 17, 2024 6:04 PM | myyanmar
ম্যানমাৰৰ কাৰাৰূদ্ধ নেত্ৰী আং চান চ্যু ছীক গৃহবন্দিত্বৰ পৰা মুক্তি